
দৰং, ২৭ এপ্ৰিল (হি.স.)। মঙ্গলদৈত এখন গামোছাৰ দাম ২ লাখ ৪৫ হাজাৰ ১ টকা। ফুলাম গামোচা খন ক্ৰয় কৰিলে বিতোপন ডেকাই।
সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ'ব পাৰে?
মঙ্গলদৈত এখন ফুলাম গামোচাৰ দাম ২ লাখ ৪৫ হেজাৰ এক টকা হলগৈ । থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা ফুলাম গামোচা ২ লাখ ৪৫ হেজাৰ টকাত বিক্ৰী হব পাৰে নে ? অবিশ্বাস্য যদিও সত্য। মঙ্গলদৈ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বভীমান ফুলাম থলুৱা গামোচা ২ লাখ ৪৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচা খন মঙ্গলদৈ বিতোপন ডেকাই নিলামযোগে ক্ৰয় কৰে। লক্ষনীয় যে, ডাঁহী অৰ্জুনতল বিষ্ণুমন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুস্হিত কৰি আহিছে।
প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাবে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্হানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়।
প্ৰথমে দেৱবস্ত্ৰ খন ১৫ হাজাৰ টকা দি এজনে নিব বিচাৰিছিল যদিও পিছত তেনে লোকৰ সংখ্যা বেচি হোৱাত শেষত ২ লাখ ৪৫ হাজাৰ টকাত দৰং জিলা পৰিষদৰ সদস্য বিতোপন ডেকাই ক্ৰয় কৰি নিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা