অৰুনাচল প্ৰদেশত সন্ধানহীন গহপুৰ ব্ৰহ্মাজানৰ ব্যক্তি
গহপুৰ ব্ৰহ্মাজানৰ মানিক দাস নামৰ ব্যক্তি জন অৰুনাচল প্ৰদেশত সন্ধানহীন।
অৰুনাচল প্ৰদেশত সন্ধানহীন গহপুৰ ব্ৰহ্মাজানৰ ব্যক্তি


বিশ্বনাথ, ২৭ এপ্ৰিল (হি.স.): যোৱা তিনিমাহ ধৰি গহপুৰ ব্ৰহ্মাজানৰ মানিক দাস নামৰ ব্যক্তি জন অৰুনাচল প্ৰদেশত সন্ধানহীন হৈ আছে। চিলঠিয়া গোপচাৰৰ সুজিত নায়ক নামৰ এগৰাকী যুৱকে মানিক দাসক কাম দিম বুলি অৰুণাচল প্ৰদেশৰ বমডিলালৈ লৈ গৈছিল। তাৰ পিছৰে পৰা কোনো ধৰণৰ শুং সূত্ৰ নাই মানিকৰ।

মানিক দাসৰ পৰিয়ালে সুজিত নায়কক সুধিলে কোনো ধৰনৰ সঠিক উত্তৰ দিব নোৱাৰে। বৰঞ্চ ভয় ভাবুকিহে প্ৰদাণ কৰে । ইতিমধ্যে মানিক দাসৰ পৰিয়ালে আৰক্ষীক এজেহাৰ প্ৰদাণ কৰিছে যদিও আৰক্ষী সফল হ'ব পৰা নাই। পৰিয়ালৰ লোকৰ সন্দেহ যে সুজিত নায়কে অৰুণাচলত কৰবাত বিক্ৰী কৰিছে ধনৰ বিনিময়ত৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande