
গোলাঘাট, ২৭ এপ্ৰিল (হি.স.)। বহি:ৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। অন্ধ্ৰপ্ৰদেশত কামৰ সন্ধানত যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱকজন দেৰগাঁও খকন্দগুৰি চাৰহ মিছিং গাঁৱৰ নন্দ চাৰহ। কেইবা গৰাকীও সতীৰ্থৰ সৈতে কামৰ সন্ধানত গৈছিল হায়দৰাবাদলৈ। ৰে'লতে নিখোজ হৈছিল নন্দ চাৰহ
অন্ধ্ৰপ্ৰদেশত গছত উলোমাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজন। অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে যোগাযোগ কৰি খবৰ দিছে পৰিয়ালক। এই ঘটনাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা