ইৰাণ আমেৰিকালৈ হৰমুজ জলদ্বীপ মুকলি কৰাৰ চৰ্তসাপেক্ষ প্ৰস্তাৱ প্ৰেৰণ
ৱাশ্বিংটন, ২৭ এপ্ৰিল (হি.স.)। ইৰাণে হৰমুজ জলদ্বীপ মুকলি কৰাৰ বাবে পাকিস্তানৰ জৰিয়তে আমেৰিকালৈ চৰ্তসাপেক্ষ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। হোৱাইট হাউছে এই প্ৰস্তাৱ লাভ কৰিছে। ইৰাণ আৰু আমেৰিকাৰ মাজত চকুৰ কুটা দাঁতৰ শালত পৰিণত হোৱা হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ ঘট
सांकेतिक।


ৱাশ্বিংটন, ২৭ এপ্ৰিল (হি.স.)। ইৰাণে হৰমুজ জলদ্বীপ মুকলি কৰাৰ বাবে পাকিস্তানৰ জৰিয়তে আমেৰিকালৈ চৰ্তসাপেক্ষ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। হোৱাইট হাউছে এই প্ৰস্তাৱ লাভ কৰিছে। ইৰাণ আৰু আমেৰিকাৰ মাজত চকুৰ কুটা দাঁতৰ শালত পৰিণত হোৱা হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ ঘটনাই সমগ্ৰ বিশ্বক আতংকিত কৰি তুলিছে। তেল আৰু গেছৰ সংকটে বহু দেশ বিপদত পেলাইছে, যাৰ ফলত তেল আৰু গেছ কঢ়িয়াই অনা জাহাজ পাৰ হ’ব পৰা নাই।

ইৰাণ আৰু আমেৰিকাই এই গুৰুত্বপূৰ্ণ আৰু কৌশলগত জলপথটো তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। দুয়োখন দেশৰ মাজত শান্তিৰ দালালিৰ বাবে কেইবাখনো দেশে মধ্যস্থতা কৰি আছে। আনকি এবাৰ পাকিস্তানত আলোচনা হৈছে, যাৰ ফলত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে। পাকিস্তানৰ ৰাজধানী ইছলামবাগত দ্বিতীয় ৰাউণ্ডৰ আলোচনা এতিয়াও আৰম্ভ হোৱা নাই। মধ্যস্থতাকাৰী দেশসমূহে দুয়োপক্ষক বুজাবলৈ চেষ্টা অব্যাহত আছে।

আমেৰিকাৰ নিউজ পৰ্টেল এক্সিঅ’ছ আৰু ইউ এ ইৰ ইংৰাজী ভাষাৰ কাকত দ্য নেশ্যনেলৰ বাতৰি অনুসৰি ইৰাণৰ এই প্ৰস্তাৱত যুদ্ধৰ অন্ত পেলোৱা আৰু হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাত গুৰুত্ব দিয়া হৈছে। এই প্ৰস্তাৱৰ প্ৰধান কেন্দ্ৰবিন্দু বিশ্ব শক্তি সংকট দূৰ কৰা আৰু আমেৰিকাৰ নৌসেনাৰ অৱৰোধ উঠাই লোৱা বুলি কোৱা হৈছে। ইৰাণে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচীৰ আলোচনা পৰৱৰ্তী পৰ্যায়ত পুনৰ আৰম্ভ কৰাৰ কথা নিৰ্ধাৰণ কৰিছে।

এই প্ৰস্তাৱ হোয়াইট হাউছত উপনীত হৈছে যদিও ট্ৰাম্প প্ৰশাসনে এই প্ৰস্তাৱ আগবঢ়াই নিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। হোৱাইট হাউছৰ মুখপাত্ৰ অলিভিয়া ওৱেলছে কয় যে আমেৰিকাই সংবাদ মাধ্যমৰ জৰিয়তে এনে স্পৰ্শকাতৰ কূটনৈতিক বিষয়ৰ ওপৰত আলোচনা নকৰে। তদুপৰি আমেৰিকাই কোনো চুক্তিত নিজৰ অগ্ৰাধিকাৰৰ সৈতে আপোচ নকৰে আৰু ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ দিয়া নহ’ব বুলিও কয়।

যি সময়ত দুয়োখন দেশৰ মাজত আলোচনা কাৰ্যতঃ স্থবিৰ হৈ পৰিছে, সেই সময়তে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে তেওঁৰ দূতৰ পাকিস্তান ভ্ৰমণ বাতিল কৰে, যিটো শান্তি আলোচনাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছিল। ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে পাকিস্তানৰ সৈতে অহৰহ আলোচনাত মিলিত হৈ আহিছে। পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ সৈতে বাৰ্তালাপ কৰি ৰাছিয়াত উপস্থিত হৈছে। তাত তেওঁ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰাৰ কথা। আমেৰিকাৰ এগৰাকী বিষয়া আৰু আলোচনাৰ সৈতে পৰিচিত দুটা সূত্ৰই নিশ্চিত কৰিছে যে ইৰানে হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰি যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাক প্ৰস্তাৱ দিছে।

আমেৰিকাৰ তিনিজন বিষয়াৰ মতে, সোমবাৰে ট্ৰাম্পে ইৰাণ সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ শীৰ্ষ দলৰ সৈতে “চিচুৱেচন ৰুম”ত বৈঠক অনুষ্ঠিত কৰাৰ কথা। এটা সূত্ৰই জনোৱা মতে, আৰাঘচিয়ে সপ্তাহৰ শেষৰ ফালে পাকিস্তান, ইজিপ্ত, তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাকাৰীসকলক স্পষ্ট কৰি দিছিল যে ইৰাণৰ নেতৃত্বৰ ভিতৰত আমেৰিকাৰ দাবী কেনেকৈ পূৰণ কৰিব পাৰি সেই সম্পৰ্কে কোনো একমত নাই। আমেৰিকাই বিচাৰে ইৰাণে কমেও এটা দশকৰ বাবে ইউৰেনিয়াম সমৃদ্ধি কাৰ্যসূচী বন্ধ কৰি নিজৰ সমৃদ্ধ ইউৰেনিয়াম দেশৰ বাহিৰলৈ প্ৰেৰণ কৰক।নিয়াম দেশৰ বাহিৰলৈ প্ৰেৰণ কৰক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande