
গোৱালপাৰা, ২৭ এপ্ৰিল (হি.স.):পূব গোৱালপাৰাৰ শিমলীতোলাত জলজলী নদীৰ বুকুত চলি থকা অবৈধ বালি খননে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চাৰি লেনযুক্ত পথ নিৰ্মাণৰ দোহাই দি 'টিটিচি ইনফ্ৰা ইণ্ডিয়া' নামৰ কোম্পানীটোৱে জেচিবি লগাই যধে-মধে চলোৱা খননৰ ফলত নদীৰ বুকু তহিলং হোৱাৰ লগতে ৰাইজৰ যাতায়তৰ পথ বন্ধ হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
যোৱা পাঁচ-ছয় মাহ ধৰি অব্যাহত থকা এই বালিৰ সন্ত্ৰাসৰ বিৰুদ্ধে জিলা প্ৰশাসনে ৰহস্যজনক মৌনতা অৱলম্বন কৰাক লৈ ভুক্তভোগী ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে ডাম্পাৰ চালকে সাধাৰণ পথচাৰীক পথ এৰি নিদিয়াত ক'বলৈ যোৱাত ওলোটাই পথচাৰীক চুৰি-ৰেঞ্চেৰে মৰিবলৈ উদ্যত হোৱা গুণ্ডাগিৰিৰ বিৰুদ্ধে অতিষ্ঠ হৈ স্থানীয় ৰাইজে মাৰ বান্ধি ওলাই আহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীৰ দলে উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। পূৰ্বেও অবৈধ বালি খননৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিও বৰ্তমানলৈ বন্ধ নোহোৱাত ৰাইজে এতিয়া চৰকাৰী ৰাজহ লুণ্ঠন আৰু নৈপৰীয়া শতাধিক পৰিয়ালৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে অবৈধ খনন কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ