
হোজাই, ২৭ এপ্ৰিল (হি.স.)। নিজ অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত ৰাজপথলৈ ওলাই আহিল মহিলা সমাজ। কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ মহিলা বিৰোধী নীতিৰ স্থিতিৰ বিৰুদ্ধে হোজাইত জন আক্ৰোশ মহিলা সমদল। ৩৩% মহিলা সংৰক্ষণৰ বিধেয়ক গৃহীত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে মহিলা সমাজে।
হাতে হাতে প্লে কাৰ্ড, বেনাৰ পোষ্টাৰ লৈ সাব্যস্ত কৰিলে এই প্ৰতিবাদ। মহিলা বিৰোধী কংগ্ৰেছ হায় হায়, মহিলাৰ অপমান কংগ্ৰেছ বেইমান আদি প্লে কাৰ্ড লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। হোজাই চহৰৰ মাজমজিয়াদি সমদল উলিয়ালে প্ৰতিবাদী মহিলাই। হোজাই জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় হাজাৰোধিক মহিলাই সাব্যস্ত কৰিলে এই প্ৰতিবাদ।
৩৩% মহিলা সংৰক্ষণ নোহোৱা পৰ্য্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ প্ৰতিবাদী মহিলাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা