
গুৱাহাটী,২৭ এপ্ৰিল(হি.স.)। কালি সমগ্ৰ ৰাজ্যত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সমূহ পুৱা ১০.৩০ বজাত একে সময়তে ঘোষণা কৰা হব।পৰীক্ষা চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল।
বিজ্ঞান,কলা,বাণিজ্য আৰু ব্যৱহাৰিক শিক্ষা সহ মুঠ ৩,৩০,৭৪৪ গৰাকী ছাত্ৰ ছাত্ৰী চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ ৮২১ টা পৰীক্ষা কেন্দ্ৰত অৱত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৫৫০০০,কলা শাখাত ২.৪ লাখ আৰু বানিজ্য শাখাত ১৭০০০ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। পৰীক্ষাৰ ফলাফল সমূহ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰা হব।মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কাইলৈ ফলাফল ঘোষণা হব বুলি পূৰ্বেই ঘোষণা কৰিছিল। সেইমৰ্মে কাইলৈ ১০.৩০ বজাত ফলাফল ঘোষণা কৰা হব আৰু ইয়াৰ পূৰ্বে ৭.৩০ বজাত আনুষ্ঠানিক সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব বুলি শিক্ষামন্ত্ৰী ডা ৰণোজ পেগুৱে জানিবলৈ দিয়ে। া
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ