দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত পথ দুৰ্ঘটনাঃ বদোদৰাৰ পৰা অহা এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু
পঞ্চমহল, ২৭ এপ্ৰিল (হি.স.)। দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পঞ্চমহল জিলাৰ কালোলৰ সমীপত সোমবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত লেনত পৰি যায়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে গাড়ী
दिल्ली-मुंबई एक्सप्रेसवे पर भीषण हादसा


পঞ্চমহল, ২৭ এপ্ৰিল (হি.স.)। দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পঞ্চমহল জিলাৰ কালোলৰ সমীপত সোমবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত লেনত পৰি যায়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে গাড়ীখনত থকা পাঁচজন লোকৰ ভিতৰত চাৰিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন লোক ৰক্ষা পৰে।

তথ্য অনুসৰি আটাইকেইজন লোক বদোদৰাৰ বাসিন্দা। ৰাজস্থানৰ পৰা উভতি আহি থকা অৱস্থাত কালোলৰ সমীপত দুৰ্ঘটনাত পতিত হয় খিঞ্জি পৰিয়ালটো। নিহত কেইজন হৈছে ছাজিদ ইকবাল খিঞ্জি (৫৫), ইলিয়াছ ইকবাল খিঞ্জি (৫০), ইছাক ইকবাল খিঞ্জি (৪৮) আৰু ৰেহান আজগাৰ খিঞ্জি (৩৫)। একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যুৱে বদোদৰাত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃত লোকজনক গাড়ীৰ পৰা উলিয়াই আনি মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কালোল ৰেফাৰেল হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান পঞ্চমহল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। গাড়ীখনে ডিভাইডাৰ পাৰ হোৱাৰ কাৰণ আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনৰ গতিবেগৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰথম অৱস্থাত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande