
আহমেদাবাদ, ২৭ এপ্ৰিল (হি.স.)। গুজৰাটৰ স্থানীয় সংস্থাৰ নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পূৰ্বে আম আদমী পাৰ্টিয়ে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক সাধাৰণ সম্পাদক সাগৰ ৰাবাৰীয়ে সকলো পদৰ পৰা পদত্যাগ কৰিছে। শেহতীয়াকৈ ৰাজু কাৰ্পাদাৰ বিদায়ৰ পিছতে সাগৰ ৰাবাৰীৰ পদত্যাগক সংগঠনটোৰ বাবে এক বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে।
ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে পদত্যাগ ঘোষণা কৰে সাগৰ ৰাবাৰীয়ে। তেওঁ লিখিছে, আজি আম আদমি পাৰ্টিৰ সৈতে মোৰ যাত্ৰাৰ অন্ত পেলাইছো । দলৰ সদস্যপদ, পদ, দায়িত্বৰ পৰা নিজকে মুক্ত কৰিছো। তেওঁলোকৰ সমৰ্থনৰ বাবে মোৰ সকলো সহকৰ্মীক মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।
কৃষক নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সাগৰ ৰাবাৰীক দলৰ এক শক্তিশালী স্তম্ভ হিচাপে গণ্য কৰা হৈছিল। বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু কৃষকসকলৰ সমস্যা উত্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজু কাৰ্পাদাৰ পিছত তেওঁৰ পদত্যাগে দলটোৰ আগন্তুক নিৰ্বাচনী কৌশলত প্ৰভাৱ পেলাব পাৰে।
সাগৰ ৰাবাৰীয়ে কোন দলত যোগদান কৰিব বা তেওঁৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক কথা কোৱা হোৱা নাই যদিও তেওঁৰ পদত্যাগৰ বাবে গুজৰাটৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া