
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰ্ণাটকৰ ৭,৯২৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুণগত মান আৰু ৰক্ষণাবেক্ষণৰ পৰ্যালোচনা কৰে। এই পৰ্যালোচনা সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰা মতামতৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।
এই পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় তামতা আৰু হৰ্ষ মালহোত্ৰাৰ লগতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই), পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিষয়াসকল, প্ৰকল্পৰ বিষয়াসকল উপস্থিত থাকে।
বৈঠকৰ সময়ত গাডকাৰীয়ে সময়মতে প্ৰকল্প ৰূপায়ণ, উচ্চমানৰ মানদণ্ড পালন, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বহনক্ষম আৰু ফলপ্ৰসূ ঘাইপথৰ আন্তঃগাঁথনি নিশ্চিত কৰিবলৈ আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে পথৰ সুৰক্ষা, গাঁথনিগত শক্তি, আৰু মসৃণ যাতায়তৰ প্ৰবাহ বজাই ৰাখিবলৈ আগতীয়া ব্যৱস্থা আৰু শক্তিশালী সঁহাৰি ব্যৱস্থা গঢ়ি তুলিব লাগে।
গাডকাৰীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব আৰু সকলো প্ৰকল্পতে নিৰ্ধাৰিত মানদণ্ডৰ কঠোৰ পালন নিশ্চিত কৰিব লাগে।
हिन्दुस्थान समाचार / অৰৱিন্দ