

তামুলপুৰ, ২৭ এপ্ৰিল (হি.স.)। আগন্তুক বাৰিষাৰ সময়ছোৱাত হ'ব পৰা বান পৰিস্থিতি সম্পৰ্কীয় এখন বৈঠক আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকখন জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ চিমি কৰণ, আই এ এছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত জৰুৰীকালীন সেৱাৰ সমন্বয়, গুৰুত্বপূৰ্ণ পৰিকাঠামোৰ সুৰক্ষা, পথ যোগাযোগ ব্যৱস্থা, সাহায্য শিবিৰ পৰিচালনা, ক্ষতি মূল্যায়ন আৰু প্ৰতিবেদন প্ৰস্তুতি আদি বিষয়ত বিস্তৃতভাৱে আলোচনা হয়।
মহিলা আৰু শিশু উন্নয়ন, শিক্ষা, পশু চিকিৎসা, সমাজ কল্যাণ, জনস্বাস্থ্য অভিযান্ত্ৰিক, লোকনিৰ্মাণ, জলসম্পদ, কৃষি, ভূমি সংৰক্ষণ, বিদ্যুৎ, আৰু স্বাস্থ্য বিভাগকে ধৰি সকলো সংশ্লিষ্ট বিভাগক সম্পূৰ্ণ সজাগতাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। বৈঠকত জিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক সম্ভাব্য সাহায্য শিবিৰ সমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।
তেওঁ সকলো বিভাগক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুত হ'বলৈ আৰু বিভাগীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা সাজু কৰি ৰাখিবলৈ আহ্বান জনায়। বৈঠকত সহকাৰী আয়ুক্ত বিদিশা বৰা, জিলা প্ৰকল্প বিষয়া ডঃ সুশান্ত বৰগোহাঁই, আৰক্ষী, এছ এছ বি আদি সুৰক্ষা সংস্থাৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়াসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ