
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা দীনেশ ত্ৰিবেদীক বাংলাদেশত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰি কয় যে তেওঁ অতি সোনকালে দায়িত্ব ল’ব।
শেহতীয়াকৈ বেলজিয়ামত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা প্ৰণয় বৰ্মাৰ ঠাইত ত্ৰিবেদীক স্থলাভিষিক্ত কৰা হৈছে। তেওঁ ইউৰোপীয় সংঘত ভাৰতৰ ৰাষ্ট্ৰদূতৰ দায়িত্বও গ্ৰহণ কৰিব। বাংলাদেশত ত্ৰিবেদীৰ নিযুক্তি বিশেষ হৈ পৰিছে, কাৰণ সাধাৰণতে এই পদত ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়া নিযুক্তি দিয়া হয় যদিও এইবাৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদক বাছনি কৰা হৈছে।
ত্ৰিবেদীৰ ৰাজনৈতিক জীৱন দীঘলীয়া। ১৯৮৭ চনত জন মৰ্চা গঠনত তেওঁ ভূমিকা পালন কৰিছিল। পিছলৈ জন মৰ্চা জনতা দলৰ সৈতে একত্ৰিত হৈছিল। ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈ গুজৰাটৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে ১৯৯৮ চনত তৃণমূল কংগ্ৰেছ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মনমোহন সিং নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ চৰকাৰত ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ৰে’ল বাজেটত প্ৰস্তাৱিত ভাড়া বৃদ্ধিৰ বাবে তেওঁ পদত্যাগ কৰে। ২০২১ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে।
ত্ৰিবেদী গুজৰাটৰ যদিও বাংলা ভাষাত তেওঁৰ দখল দৃঢ়। শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰাৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছিল। কিন্তু তাৰিক ৰহমানৰ অধীনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা সম্পৰ্ক পুনৰ গতি পথলৈ অহা যেন লাগে।
हिन्दुस्थान समाचार / অৰৱিন্দ