কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱালৈকে মুক্তি দিব নোৱাৰিব ‘পাঞ্জাৱৰ লৰেন্স’ঃ উচ্চ ন্যায়ালয়
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘ল’ৰেন্স অৱ পাঞ্জাব’ৰ মুক্তিৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ উত্তৰত দিল্লী উচ্চ ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ বাতিল নোহোৱালৈকে ইয়াৰ প্ৰযোজকসকলে ইয়াক মুক্
दिल्ली हाई कोर्ट


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘ল’ৰেন্স অৱ পাঞ্জাব’ৰ মুক্তিৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ উত্তৰত দিল্লী উচ্চ ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ বাতিল নোহোৱালৈকে ইয়াৰ প্ৰযোজকসকলে ইয়াক মুক্তি দিব নোৱাৰে। সেয়েহে আবেদনখন নিষ্পত্তি কৰা হয়। ন্যায়াধীশ পুৰুষেন্দ্ৰ কৌৰৰ নেতৃত্বত এখন বিচাৰপীঠে এই ৰায়দান কৰে।

অ’টিটি প্লেটফৰ্ম জি৫ক প্ৰতিনিধিত্ব কৰি ৰাজীৱ নায়াৰে উচ্চ ন্যায়ালয়ত কয় যে কেন্দ্ৰীয় চৰকাৰে তথ্যচিত্ৰখনৰ মুক্তিৰ ওপৰত স্থগিত ৰখাৰ নিৰ্দেশ দিছে, যিটোক প্ৰত্যাহ্বান জনোৱা হ’ব। জি৫ৰ মতে, তথ্যচিত্ৰখনত লৰেন্স বিষ্ণইৰ কাহিনী কোৱা হৈছে, যিজন ছাত্ৰ ৰাজনীতিবিদলৈ পৰিণত হৈছিল আৰু পিছলৈ তেওঁ এটা গেং গঠন কৰিছিল।

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি তথ্যচিত্ৰখন মুক্তিৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক জনাইছিল যে পঞ্জাৱ আৰক্ষীয়ে তথ্যচিত্ৰখন মুক্তিৰ ক্ষেত্ৰত আপত্তি দাঙি ধৰিছে, তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে মুক্তি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande