
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে ৰাজ্যসভাত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে আম আদমী পাৰ্টি (আআপা) ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাঘৱ চাদ্ধাকে ধৰি ৭ জন সাংসদৰ একত্ৰীকৰণত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে । ইয়াৰ ফলত ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা ১০৬ৰ পৰা ১১৩জনলৈ বৃদ্ধি পাইছে।
সোমবাৰে ৰাজ্যসভা সচিবালয়ে সদনৰ সকলো দলৰ সাংসদৰ উন্নীতকৃত তালিকা প্ৰকাশ কৰি এই সাতজন নেতাৰ নাম বিজেপিৰ সাংসদৰ তালিকাত সংযোজন কৰে। ইয়াৰ ফলত উচ্চ সদনত বিজেপিৰ ৰাজনৈতিক স্থিতি আৰু অধিক শক্তিশালী হৈছে।
উল্লেখযোগ্য যে ২৪ এপ্ৰিলত আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা সাংসদসকলৰ ভিতৰত আছে ৰাঘৱ চাদ্ধা, অশোক কুমাৰ মিত্তল, হৰভজন সিং, সন্দীপ কুমাৰ পাঠক, ড° বিক্ৰমজিৎ সিং সাহনী, স্বাতী মালিৱাল আৰু ৰাজিন্দৰ গুপ্তা। আটাইকেইজনেই এতিয়া আনুষ্ঠানিকভাৱে বিজেপি সংসদীয় দলৰ অংশ হৈ পৰিছে।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা নিশ্চিত কৰি কয় যে, ৰাজ্য সভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে আম আদমি পাৰ্টিৰ সাতজন সাংসদক বিজেপিত একত্ৰিত কৰাটো মানি লৈছে। এতিয়া ৰাঘৱ চাদ্ধা, সন্দীপ পাঠক, অশোক মিত্তল, হৰভজন সিং, স্বাতী মালিৱাল, ৰাজিন্দৰ গুপ্তা, আৰু বিক্ৰমজীত সিং সাহনী বিজেপি সংসদীয় দলৰ সদস্য।
এইসকল সাংসদসকলৰ কৰ্মশৈলীকো প্ৰশংসা কৰে ৰিজিজুৱে। তেওঁ কয় যে দীৰ্ঘদিন ধৰি তেওঁ লক্ষ্য কৰিছে যে এই সাতজন সাংসদে কেতিয়াও গালি-গালাজ ব্যৱহাৰ কৰা নাই বা কোনো অনুশাসনহীন বা অসংসদীয় আচৰণত লিপ্ত হোৱা নাই। ইয়াক তেওঁ ইতিবাচক ৰাজনীতিৰ উদাহৰণ বুলি অভিহিত কৰে।
তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত সকলোকে আদৰণি জনোৱা হৈছে। তেওঁ বিৰোধী মিত্ৰজোঁটকো লক্ষ্য কৰি টুকুৰা-টুকুৰ মিত্ৰজোঁটৰ পৰা বিদায়ৰ আহ্বান জনায়।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই ঘটনাত ৰাজ্যসভাত বিজেপিৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব আৰু আগন্তুক বিধানসভাৰ কাৰ্য্যবিধিত দলটোক কৌশলগত সুবিধা প্ৰদান কৰিব পাৰে। বিশেষকৈ যি সময়ত সংসদৰ উচ্চ সদনত সংখ্যাগত শক্তিয়ে বহু গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰে, সেই সময়ত এই পৰিৱৰ্তন বিজেপিৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া