জোনাইত বিদ্যুতৰ খুঁটা পৰি এটা দুবছৰীয়া শিশু গুৰুতৰভাৱে আহত
ধেমাজী, ২৭ এপ্ৰিল (হি.স.)। জোনাইত কালি আবেলি সংঘটিত হয় এক ভয়ংকৰ অঘটন। নিজৰ চোতালত খেলি থকা অৱস্থাত এটি দুবছৰীয়া শিশুৰ ওপৰত হাউলী ৰৈ থকা বিদ্যুতৰ খুঁটা পৰি গুৰুতৰভাৱে আহত হয়। আহত শিশুটোক জোনাইৰ লৃচাং গাঁৱৰ নিবাসী শচিন পেগু আৰু কনকলতা পেগুৰ দুবছৰ
জোনাইত বিদ্যুতৰ খুঁটা পৰি এটা দুবছৰীয়া শিশু গুৰুতৰভাৱে আহত


ধেমাজী, ২৭ এপ্ৰিল (হি.স.)। জোনাইত কালি আবেলি সংঘটিত হয় এক ভয়ংকৰ অঘটন। নিজৰ চোতালত খেলি থকা অৱস্থাত এটি দুবছৰীয়া শিশুৰ ওপৰত হাউলী ৰৈ থকা বিদ্যুতৰ খুঁটা পৰি গুৰুতৰভাৱে আহত হয়। আহত শিশুটোক জোনাইৰ লৃচাং গাঁৱৰ নিবাসী শচিন পেগু আৰু কনকলতা পেগুৰ দুবছৰীয়া পুত্ৰ চিৰুজ পেগু বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ শিশুটোক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে শিশুটিৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰাৰ পিছতে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, যোৱা শনিবাৰে হোৱা প্ৰবল ধুমুহা-বতাহ আৰু মূষলধাৰ বৰষুণৰ ফলত ব্যক্তি গৰাকীৰ চোতালত এটা বিদ্যুতৰ খুঁটা বিপজ্জনক অৱস্থাত হাউলী পৰি ৰৈ যায়।

ঘটনা সন্দৰ্ভত জোনাই বিদ্যুৎ বিভাগক বাৰে বাৰে অৱগত কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে উক্ত ঘটনা সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ অৱহেলাক উক্ত অঘটনৰ মূল কাৰণ বুলি অভিযোগ কৰি দায়ী কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে এনে ধৰণৰ বিপদজ্জনক অৱস্থাত থকা বিদ্যুতৰ খুঁটাসমূহ তৎকালীনভাৱে মেৰামতি কৰাৰো দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande