ছয়গাঁৱত সুৱঁৰি উৎসৱত গোঁসাই পৰিভ্ৰমণ
কামৰূপ, ২৭এপ্ৰিল (হি.স.)। সুৱঁৰি উৎসৱত গোঁসাই পৰিভ্ৰমণ । ছয়গাঁৱৰ সাপৰটাৰীত সুৱঁৰি উৎসৱ । পঞ্চদশ বাৰ্ষিক সুৱঁৰি উৎসৱ আৰু ব''হাগী উৎসৱত গোঁসাই পৰিভ্ৰমণ । সমগ্ৰ গাঁওবাসীৰ ওচৰলৈ এখন দোলাত লৈ যোৱা হয় গোঁসাইক । এক উৎসৱমুখৰ পৰিৱেশ সাপৰটাৰীত । বিশিষ্ট সা
ছয়গাঁৱত সুৱঁৰি উৎসৱত গোঁসাই পৰিভ্ৰমণ


কামৰূপ, ২৭এপ্ৰিল (হি.স.)। সুৱঁৰি উৎসৱত গোঁসাই পৰিভ্ৰমণ । ছয়গাঁৱৰ সাপৰটাৰীত সুৱঁৰি উৎসৱ । পঞ্চদশ বাৰ্ষিক সুৱঁৰি উৎসৱ আৰু ব'হাগী উৎসৱত গোঁসাই পৰিভ্ৰমণ । সমগ্ৰ গাঁওবাসীৰ ওচৰলৈ এখন দোলাত লৈ যোৱা হয় গোঁসাইক । এক উৎসৱমুখৰ পৰিৱেশ সাপৰটাৰীত । বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক পংকজ কলিতাই পৰিচালনা কৰা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে তাৰিণী বৰুৱাই ।

গোঁসাই পৰিভ্ৰমণ কাৰ্য্যসূচীৰ শুভ উদ্ধোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডঃ লক্ষ্য শৰ্মাই । মূখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট লোকশিল্পী তথা কালিয়া বাদক কমিচন ৰাভা । সভাত ছয়গাঁৱৰ জেষ্ঠ সাংবাদিক বিশ্বজিৎ দাস, ধীৰাজ কুমাৰ দাস, সঞ্জয় কলিতা আৰু ইন্দ্ৰজিৎ দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় । সভাত সভাপতি মুন বৰুৱা, সম্পাদক ৰঞ্জিত কলিতা, প্ৰাক্তন সভাপতি মৃণাল বৰুৱা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ অনুষ্ঠানতে কণ কণ শিশু সকলে কৃষ্ণ-বলোৰাম হৈ বাৰ গোপালৰ ভাও লয় । নিশা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande