গাঁজিপুৰত পীড়িত পৰিয়ালৰ লগত সাক্ষাৎ কৰিব কংগ্ৰেছ প্ৰতিনিধি দল, এছপি-ৰ পৰা সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ অনুৰোধ
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাত বিশ্বকৰ্মা সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ সন্দেহজনক মৃত্যুৰ সন্দৰ্ভত কংগ্ৰেছ দলে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত এআইচিচিৰ অ’বিচি বিভাগৰ
कांग्रेस


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাত বিশ্বকৰ্মা সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ সন্দেহজনক মৃত্যুৰ সন্দৰ্ভত কংগ্ৰেছ দলে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত এআইচিচিৰ অ’বিচি বিভাগৰ সভাপতি ডাঃ অনিল জয়হিন্দে গাজীপুৰৰ আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখি নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।

কংগ্ৰেছ দলে ঘোষণা কৰে যে এই প্ৰতিনিধি দলটোত ২১ জন সদস্য থাকিব। ২৭ এপ্ৰিলত গাজীপুৰত উপস্থিত হোৱাৰ লগতে ঘটনাস্থলীতো পৰিদৰ্শন কৰিব। প্ৰতিনিধি দলটোত আছে ড° অনিল জয়হিন্দ, ৰাজেন্দ্ৰ পাল গৌতম, অজয় কুমাৰ লাল্লু, সুভাষিনী বুণ্ডেলা, জিতেন্দ্ৰ বাঘেল, সাংসদ তনুজ পুনিয়া, সাংসদ ৰাকেশ ৰাথোৰ, ৰাজ্যসভাৰ সদস্য কৰমবীৰ সিং বৌদ্ধ, মনোজ যাদৱ, বিধায়ক বীৰেন্দ্ৰ চৌধুূুৰী আৰু প্ৰাক্তন সাংসদ ৰবি প্ৰকাশ বৰ্মা। প্ৰতিনিধি দলটোৰ কিছু সদস্যই দিল্লীৰ পৰাই বাৰাণসীত উপস্থিত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande