দুলীয়াজানত সংঘটিত অগ্নিকাণ্ডত ব্য়ৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত
ডিব্ৰুগড়, ২৭ এপ্ৰিল (হি.স.)। দুলীয়াজানত কালি নিশা সংঘটিত এক বৃহৎ অগ্নিকাণ্ড। কথমপি ৰক্ষা পৰিল অইল বজাৰ। দুলীয়াজানৰ অতি ব্যস্ত অইল ইণ্ডিয়া বজাৰত নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত এখন ব্য়ৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত। বজ
দুলীয়াজানত সংঘটিত অগ্নিকাণ্ডত ব্য়ৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত


ডিব্ৰুগড়, ২৭ এপ্ৰিল (হি.স.)। দুলীয়াজানত কালি নিশা সংঘটিত এক বৃহৎ অগ্নিকাণ্ড। কথমপি ৰক্ষা পৰিল অইল বজাৰ। দুলীয়াজানৰ অতি ব্যস্ত অইল ইণ্ডিয়া বজাৰত নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত এখন ব্য়ৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত। বজাৰ খনৰ এখন খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অইল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে জুই নিয়ন্ত্ৰণলৈ আহে।

অগ্নিনিৰ্বাপক বাহিনীৰ সময়োচিত পদক্ষেপৰ বাবেই জুই অধিক বিয়পি পৰিব নোৱাৰিলে আৰু বজাৰ খনৰ আন শ শ দোকান কথমপি নিশ্চিত ধ্বংসৰ পৰা ৰক্ষা পৰে। নিশা সূত্ৰপাত হোৱা উক্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। শ্বৰ্ট চাৰ্কিট নে অন্য কোনো কাৰণত উক্ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হল, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande