
কামৰূপ, ২৭ এপ্ৰিল (হি.স.)। ৰঙিয়াত পুনৰ চোৰৰ সন্ত্ৰাস। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুজোগলৈ চোৰে চলালে চাফাই অভিযান। কালি নিশা ৰঙিয়াৰ সমীপৰ বিহাপাৰাৰ দুটাকৈ পৰিয়ালত একেলগে চোৰৰ লুট-পাত। ৰঙিয়াৰ বিহাপাৰাৰ কুমুদ কলিতা আৰু নৃপেন লহকৰৰ ঘৰত হয় চুৰি কাণ্ডৰ ঘটনা।
চোৰে লুটি লৈ গ'ল নগদ ধন, আ-অলংকাৰ সহ প্ৰয়োজনীয় নথি-পত্ৰ। উল্লেখ্য যে দেওবাৰে অঞ্চলটোৰ অধিকাংশ লোক গৈছিল নগাঁৱৰ বৰদোৱা সত্ৰলৈ। তাৰেই সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কাউৰবাহা আৰক্ষী। কিন্তু এই মূহুৰ্তলৈ চোৰৰ শুং সূত্ৰ উলিয়াব পৰা নাই সদাসস্তম আৰক্ষী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ