
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত আগতীয়া ব্যৱসায়ৰ সময়ত সামান্য দুৰ্বলতা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,০৩০ টকাৰ পৰা ১,৫৪,৯০০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। ২২ কেৰেটৰ সোণৰ বিক্ৰী হৈছে প্ৰতি ১০ গ্ৰামত ১,৪১,১৯০ টকাৰ পৰা ১,৪১,৯৯০ টকাৰ ভিতৰত। ৰূপৰ দাম সামান্য হ্ৰাস পোৱাৰ ফলত আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৫৯,৯০০₹ত বিক্ৰী হৈছে এই চিকচিকিয়া ধাতু।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৫৪,১৮০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৪১,৩৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৪,০৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪১,১৯০ টকা বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,০৮০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪১,২৪০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি দহ গ্ৰামত ১,৫৪,৯০০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪১,৯৯০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৫৪,০৩০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৪১,১৯০ টকা। ভূপালত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৫৪,০৮০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ প্ৰতি দহ গ্ৰামৰ মূল্য ১,৪১,২৪০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৫৪,১৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪১,৩৪০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৫৪,০৮০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ১,৪১,২৪০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৫৪,১৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪১,৩৪০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য দুৰ্বলতা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,৫৪,০৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪১,১৯০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া