
বৰপেটা, ২৭এপ্ৰিল (হি.স.)। এফালে চোৰে চুৰি কৰি নিলে মটৰ চাইকেল, আনফালে চোৰৰ পিচে পিচে ভূক্তভোগী মটৰ চাইকেলৰ গৰাকীৰ তৰা-নৰা দৌৰ | উক্ত ঘটনা বৰপেটা চহৰৰ | বৰপেটা চহৰৰ মাজমজিয়াত চোৰৰ মৰসাহ | বৰপেটা চহৰৰ ৰাম মন্দিৰৰ সমীপৰ পাৰিজাত ৰেষ্টুৰেন্টৰ সন্মুখৰ পৰাই দিন দূপৰতে চোৰে গৰাকীৰ চকুৰ সন্মুুখতে চুৰি কৰি নিলেএএছ ১৫ই ৭৭৩৩নম্বৰৰ ডিস্কোভাৰ হাণ্ড্ৰেড মটৰ চাইকেল |
ধ্ৰুৱজিৎ দাস নামৰ দোকানী গৰাকীয়ে অইন দিনৰ দৰে ঘৰৰ পৰা ৰেষ্টোৰেন্টলৈ আহি দোকানৰ সন্মুখত নিজৰ মটৰ চাইকেলখন থৈ দিছিল | পিচে চকুৰ পচাৰতে এটা চোৰে মটৰ চাইকেলখন চুৰি কৰি মৰানদীৰ দলঙৰ পিনেৰে পলাই যায় | চোৰে ব্যৱসায়ী জনৰ চকুৰ সন্মুখৰ পৰাই মটৰ চাইকেল খন চুৰি কৰি নিয়া দেখি পিচে পিচে খেদি যায় যদিও চোৰটোৱে তীব্ৰ বেগে পলায়ন কৰে |
ব্যৱসায়ী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি দুদিনমান পূৰ্বেও চহৰ খনৰ মাজমজিয়াৰ পৰাই এখন মটৰ চাইকেল চুৰি কৰি নিয়াৰ লগতে আজি এখন ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি লৈ যায় চোৰে |
উক্ত ঘটনাক কেন্দ্ৰ কৰি চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা