
বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। বৰপেটাৰোড চহৰত প্ৰৱঞ্চকৰ উদ্ধতালি | বৰপেটাৰোড থানা চৌহদৰ পিচফালৰ গেটৰ সমীপত প্ৰৱঞ্চকৰ দলে লুটিলে এগৰাকী মহিলাক |
মীনা কুমাৰী নামৰ এই মহিলাগৰাকীৰ পৰা লুটি নিলে সোণৰ চেইন খাৰু আদিকে ধৰি চাৰে তিনি তোলা সোণৰ গহনা | পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে বৰপেটাৰোড থানাত দাখিল কৰিলে এজাহাৰ | এই ঘটনাক লৈ চহৰখনত সৃষ্টি হৈছে প্ৰতিক্ৰীয়াৰ |
কিদৰে থানাৰ পিচফালে তিনিজনীয়া প্ৰৱঞ্চকৰ দলে লুটি নিবলৈ পাৰিলে সোণৰ অলংকাৰ |
মহিলাগৰাকীৰ কন্যাই জনোৱামতে, মহিলাগৰাকীয়ে ইউনিয়ন বেংকত থকা পাছবুকটো আপডেট কৰিবলৈ বেংকলৈ আহিছিল |
কিন্তু বেংকলৈ যোৱাৰ বাটতে থানাৰ পিচফালে তিনি দূৰ্ব়ত্তই মহিলাগৰাকীয়ে পিন্ধি থকা সোণৰ গহনা সমুহ খুলি লুট কৰি নিয়ে |
সোণৰ গহনা সমুহৰ মুল্য প্ৰায় ৫ লাখ টকা হব বুলি ধাৰণা কৰা হৈছে |
খোদ থানাৰ পিচফালৰ পথত প্ৰৱঞ্চকে খাপ পিটি মহিলাৰ সোণৰ গহনা লুটি নিয়া ঘটনাকলৈ লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে | স্থানীয় চহৰবাসীয়ে অচিৰেই প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা