
তিনিচুকীয়া, ২৭ এপ্ৰিল (হি.স.)। তিনিচুকীয়া জিলাৰ অন্তৰ্গত তেল নগৰী ডিগবৈত আৰক্ষীয়ে অভিযান চলাই ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ ভিতৰত তিনি জন ভাৰত অয়েল কৰ্প'ৰেশ্যন (আই.অ'চি.)ৰ কৰ্মচাৰী বুলি জনা গৈছে।
আজি আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ডিগবৈৰ লাজিত নগৰৰ জে জে বয়ছ হোষ্টেলত জুৱা খেলি থকাৰ খবৰ লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে ডিগবৈ জিলা আৰক্ষী অধীক্ষক হিমাংশু গোহাঁইৰ নেতৃত্বত আৰক্ষীয়ে স্থানত অভিযান চলাই অভিযুক্তক ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে।
আটকাধীন অভিযুক্তক অৰুণ চাৰ্কি, নৰেশ কুমাৰ শিলছুত, মাদু মাধৱ ৰাও, লগতে মহম্মদ হাছান, পংকজ দাস, আৰু গোল্ডি বাগৰাক চিনাক্ত কৰিছে। জুৱাৰী কেইজনৰ পৰা নগদ ধন আৰু জুৱা খেলৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।
সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি হোষ্টেলৰ বেশত জুৱা খেল চলি আহিছে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অধিক আইনী ব্যৱস্থা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী