
ডিব্ৰুগড়, ২৭ এপ্ৰিল (হি.স.)। ডিব্ৰুগড় জিলাৰ মৰাণ অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন চাইকেল আৰোহীৰ।
সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, মৰাণ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন অচিনাকি বাহনে খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজনৰ থিতাতে মৃত্যু হয়। মৃত যুৱকজন খটখাটিৰ নিবাসী ফুকন চন্দ্ৰ দে বুলি জানিব পৰা গৈছে।
চাহ বাগিচাৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি দুৰ্ঘটনাটোত জড়িত বাহনখনৰ লগতে পলায়ন কৰা চালকজনক বিচাৰি ফুৰিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী