অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। প্ৰখ্যাত শিক্ষাবিদ, অৰ্থনীতিবিদ, কুইজ সংস্কৃতিৰ পথ প্ৰদৰ্শক অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শিক্ষাবি
मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा सोशल मीडिया पर शेयर किया गया प्रो. दिलीप कुमार बरुवा का चित्र


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। প্ৰখ্যাত শিক্ষাবিদ, অৰ্থনীতিবিদ, কুইজ সংস্কৃতিৰ পথ প্ৰদৰ্শক অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অসমৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শিক্ষাবিদ তথা অৰ্থনীতিবিদ অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে। তেওঁ কয় যে তেওঁ সমগ্ৰ জীৱন অসমৰ শিক্ষাৰ বিকাশৰ বাবে উৎসৰ্গা কৰিছিল। অসমত কুইজ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাতো তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা, চিন্তা, সমাজসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসমৰ জীৱনত সদায় সতেজ হৈ থাকিব। তেওঁৰ আদৰ্শ আৰু চিন্তাই পৰৱৰ্তী প্ৰজন্মক জ্ঞানৰ পথত আগবাঢ়িবলৈ সদায় অনুপ্ৰাণিত কৰিব।

দিলীপ কুমাৰ বৰুৱা (জন্ম ১৬ মাৰ্চ, ১৯৪৩, মৃত্যু ২৭ এপ্ৰিল, ২০১৭) এজন অসমীয়া শিক্ষক, সাহিত্যিক, অৰ্থনীতিবিদ। লজিচিয়ান আৰু কুইজ মাষ্টৰ হিচাপে তেওঁ বিখ্যাত আছিল। অসমৰ কুইজৰ পিতৃ হিচাপেও তেওঁক গণ্য কৰা হয়।

তেখেতৰ জন্ম হৈছিল দৰং জিলাৰ ছিপাঝাৰত। দেউতাকৰ চাকৰিৰ বাবে শৈশৱ শিলচৰত কটায় আৰু তাতেই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ছেইণ্ট এন্থনী কলেজ, কটন কলেজ, দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৬৬ চনত কটন কলেজত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে।২০০১ চনত হাফলং কলেজৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।অৱসৰৰ পিছতো বিভিন্ন শিক্ষানুষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰি থাকে।

১৯৬৭ চনত কটন কলেজত অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা আয়োজন কৰা দিলীপ কুমাৰ বৰুৱাই ২০১৭ চনৰ ২৭ এপ্ৰিলত, নিশা প্ৰায় ১১ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande