
ইটানগৰ, ২৭ এপ্ৰিল (হি.স.)। অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ উপ আয়ুক্ত মিণ্ডো লয়ীৰ সভাপতিত্বত আজি আলোৰ উপ আয়ুক্তৰ (ডি চি) সন্মিলন কক্ষত তৃতীয় ৰাজ্যিক পৰ্যায়ৰ জাম্বাই তাছি সোঁৱৰণী টাগ অফ ৱাৰ প্ৰতিযোগিতা ২০২৬ৰ বাবে প্ৰস্তুতি চলোৱা হয়।
চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত ডি এছ অ’ (ক্ৰিড়া) আকেন বামে সমিতিৰ সদস্য আৰু বিভাগৰ মুৰব্বী (এইচ অ’ ডি)সকলক আদৰণি জনায়। ১ মে’ৰ পৰা আলো জেনেৰেল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক প্ৰতিযোগিতাখনৰ সবিশেষও তেওঁ আলোকপাত কৰে।
প্ৰাক্তন বিধায়ক প্ৰয়াত জম্বাই তাছিৰ স্মৃতিত ৰাজ্যিক পৰ্যায়ৰ জাম্বাই তাছি সোঁৱৰণী টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া এই প্ৰতিযোগিতাত সমগ্ৰ ৰাজ্যৰ পৰা ৫০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। অৰুণাচল প্ৰদেশ চৰকাৰে ২০২৬ চনত পশ্চিম ছিয়াং জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৈঠকৰ সময়ত মিণ্ডো লয়িয়ে আয়োজক সমিতিক অৱগত কৰে যে অনুষ্ঠানটোৰ সফল পৰিচালনাৰ বাবে সকলো বিভাগে পূৰ্ণ সহযোগিতা আগবঢ়াব। তেওঁ নিৰ্দেশ দিয়ে যে চেম্পিয়নশ্বিপ টাগ অৱ ৱাৰৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ২৯ তাৰিখৰ ভিতৰত সকলো অংশীদাৰে সম্পূৰ্ণ কৰিব। তেওঁ জনসাধাৰণ, বিষয়া, কৰ্মচাৰীসকলক উপস্থিত থাকিবলৈ আৰু খেলসমূহ চাবলৈ আহ্বান জনায়।
আয়োজক সমিতিয়ে জনোৱা মতে, এই প্ৰতিযোগিতাসমূহ পুৰুষ, মহিলা, আৰু মিশ্ৰিত শাখাত অনুষ্ঠিত হ’ব, য’ত ওজনৰ শাখা ক্ৰমে ৬২০ কিলোগ্ৰাম (পুৰুষ), ৫০০ কিলোগ্ৰাম (মহিলা), আৰু ৫৮০ কিলোগ্ৰাম (মিশ্ৰিত) হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী