অপৰ্ণা পণ্ডিতৰ মৃত্যুৰ তদন্ত বিচাৰি সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ বন্তি প্ৰজ্বলন
কাৰ্বি আংলং, ২৭ এপ্ৰিল (হি.স.)। অসম আৰক্ষীৰ বীৰাংগনা অপৰ্ণা পণ্ডিতৰ মৃত্যুৰ তদন্ত বিচাৰি সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ কালি সন্ধিয়া বন্তি প্ৰজ্বলন। গুৱাহাটীৰ মাণ্ডাকাটাত বোকাজানৰ এগৰাকী বীৰাংগনাৰ ৰহস্য জনক ভাবে হোৱা মৃত্যুৰ বিগত চাৰিদিন পাৰ হ
অপৰ্ণা পণ্ডিতৰ মৃত্যুৰ তদন্ত বিচাৰি সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ বন্তি প্ৰজ্বলন


কাৰ্বি আংলং, ২৭ এপ্ৰিল (হি.স.)। অসম আৰক্ষীৰ বীৰাংগনা অপৰ্ণা পণ্ডিতৰ মৃত্যুৰ তদন্ত বিচাৰি সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ কালি সন্ধিয়া বন্তি প্ৰজ্বলন। গুৱাহাটীৰ মাণ্ডাকাটাত বোকাজানৰ এগৰাকী বীৰাংগনাৰ ৰহস্য জনক ভাবে হোৱা মৃত্যুৰ বিগত চাৰিদিন পাৰ হোৱাৰ পাছতো কোনো ধৰণৰ আৰক্ষী প্ৰশাসন ফালৰ পৰা সঠিক উত্তৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে দল সংগঠন।

বোকাজানৰ স্বৰ্গীয় হৰেন্দ্ৰ পণ্ডিত আৰু কল্পনা পণ্ডিতৰ কণিষ্ঠ কন্যা অপৰ্ণা পণ্ডিতৰ মৃত্যু যেন আজিও কোনোৱে সহজ ভাৱে লব পৰা নাই। কালি সন্ধিয়া অসম আৰক্ষীৰ কমাণ্ডো জোৱান অপৰ্ণা পণ্ডিতৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি সদৌ অসম বাঙালী যুৱ ফেডাৰেচনে আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰ প্ৰশাসনলৈ বিশেষ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande