গহপুৰত বিজেপি নেতা দূৰ্নীতিত জৰিত হোৱাৰ অভিযোগ
বিশ্বনাথ, ২৭ এপ্ৰিল (হি.স.)। ৰাজ্য়ৰ শাসকীয় বিজেপিৰ কৰ্মকৰ্তা হলে দূৰ্নীতি কৰিলেও চকুত নপৰে বিভাগীয় বিষয়াৰ । বৰ্তমান গহপুৰত উন্নয়ন মূলক কামৰ নামত ভয়ংকৰ দূৰ্নীতি সংঘটিত হৈ আহিছে । বিশেষকৈ গহপুৰৰ গ্ৰাম্য অঞ্চলত ঠিকাদাৰ ৰূপী শাসকীয় দলৰ নেতা -কৰ্মী
গহপুৰত বিজেপি নেতা দূৰ্নীতিত জৰিত হোৱাৰ অভিযোগ


বিশ্বনাথ, ২৭ এপ্ৰিল (হি.স.)। ৰাজ্য়ৰ শাসকীয় বিজেপিৰ কৰ্মকৰ্তা হলে দূৰ্নীতি কৰিলেও চকুত নপৰে বিভাগীয় বিষয়াৰ । বৰ্তমান গহপুৰত উন্নয়ন মূলক কামৰ নামত ভয়ংকৰ দূৰ্নীতি সংঘটিত হৈ আহিছে । বিশেষকৈ গহপুৰৰ গ্ৰাম্য অঞ্চলত ঠিকাদাৰ ৰূপী শাসকীয় দলৰ নেতা -কৰ্মীয়ে সংঘটিত কৰি আহিছে ভয়ংকৰ দূৰ্নীতি ।

পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সোলেঙী গুৰি পঞ্চায়তৰ হীৰা গাওঁ -শুকুৰবৰী সংযোগী পথত নিৰ্মাণ কৰা হৈছিল এখন কালভাৰ্টৰ । বিজেপি নেতা দিগন্ত বৰুৱাই নিৰ্মাণ কৰা কালভাৰ্ট খনক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । পাক কলন অনুসৰি কাম নকৰি নিজৰ খেয়াল খুচি অনুসৰি নিম্ন মানৰ ৰড , ক্ৰেচাৰ শিলৰ পৰিবৰ্তে গোটা শিল আদি সামগ্ৰী ব্যৱহাৰ কৰি কালভাৰ্ট নিৰ্মাণ কৰাৰ বাবে চাটাৰিং খোলোতে ফাট মেলিছে কালভাৰ্টত । কাম বেয়া হোৱা বুলি ৰাইজে ক'লে ভয় ভাবুকি দেখুৱাই আহিছে বিজেপি নেতা দিগন্তয়ে । আনহাতে কনিষ্ঠ অভিযন্তা গৰাকীয়ে এদিনো নিৰ্মাণ স্থলীত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande