ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শৈক্ষিক দিনপঞ্জীত চামিল জুবিন গাৰ্গৰ উক্তি
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। অসমৰ শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হৈছে অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰ্চা৷ উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষত বছৰজুৰি কৰা হ''ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰ্চা । ২০২৬-২৭ৰ শৈক্ষিক বৰ্ষৰ বাবে অসম ৰাজ্যিক বিদ্যালয
জুবিন গাৰ্গ


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। অসমৰ শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হৈছে অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰ্চা৷ উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষত বছৰজুৰি কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰ্চা । ২০২৬-২৭ৰ শৈক্ষিক বৰ্ষৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (সংমণ্ডল-২) উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাবে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জীত এই বছৰতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ‘থীম’ হিচাপে গ্ৰহণ কৰিছে । সেই অনুসৰি অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে স্থান পাব উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে যুগুত কৰা শৈক্ষিক দিনপঞ্জীত ।

লক্ষণীয় বিষয় যে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কৈছিল, মোতকৈ বেছি মোৰ কৰ্মখিনিক মানুহে মনত ৰাখিলে মই বেছি ভাল পাম । মহান শিল্পীগৰাকীৰ সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিল্পীগৰাকীয়ে আশা কৰাৰ দৰে তেওঁৰ কৰ্মৰাজিক স্থান দিলে শৈক্ষিক ক্ষেত্ৰত ।

উল্লেখ্য যে শৈক্ষিক দিনপঞ্জীত প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ কিছু জ্ঞান আৰু তথ্যৰ শিক্ষা প্ৰদানৰ বাবে এটা বিষয় নির্বাচন কৰি আহিছে বিদ্যালয় শিক্ষা পৰিষদে ।

পূৰ্ব বছৰসমূহত শৈক্ষিক দিনপঞ্জীত মহাত্মা গান্ধী, আজাদী কা অমৃত মহোৎসৱ, জি -২০, কিতাপৰ বছৰ আদি বিষয়বস্তু শৈক্ষিক দিনপঞ্জীত প্ৰতিফলিত কৰা হৈছিল । এনে গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ লগত আৰম্ভ হোৱা শৈক্ষিক বৰ্ষটো প্রকৃতিক ভাল পোৱা অসমৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গক ‘থীম’ হিচাপে লৈ তেওঁৰ উক্তিসমূহ শিক্ষক শিক্ষাৰ্থীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰে শিক্ষানুষ্ঠানসমূহৰ সকলো মুৰব্বী আৰু সকলো শিক্ষক-শিক্ষয়িত্রীকে পৰামৰ্শ দিয়া হৈছে শৈক্ষিক দিনপঞ্জীত ।

শৈক্ষিক দিনপঞ্জীত প্রথম পৃষ্ঠাত উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ উক্তি ‘ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজো মই, চিৰদিন চিৰন্তন ৷ আকাশ চুব খোজো মই ৷ জন্মগত আমৰণ মোৰ সংকল্প অস্তিত্ব অপৰাজিত...’ আদি উল্লেখ আছে ৷ বিদ্যালয় শিক্ষা পৰিষদে প্ৰকৃতিৰ প্ৰতি শিল্পীজনৰ অনুৰাগ প্ৰতিফলিত কৰিব পৰা বিভিন্ন উক্তিও যুগুত কৰি দিনপঞ্জীত উল্লেখ কৰিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande