‘মিছ ইউনিভাৰ্ছ আছাম ২০২৬’ৰ খিতাপ অর্জন কৰি সৰ্বভাৰতীয় পৰ্যায়লৈ নির্বাচিত তামুলপুৰৰ পিংকী
চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত হৈ যোৱা ''মিছ ইউনিভাৰ্ছ আছাম ২০২৬’ৰ খিতাপ অর্জন কৰি এতিয়া সৰ্বভাৰতীয় পৰ্যায়লৈ নির্বাচিত হৈছে পিংকী বসুমতাৰী। কলবাৰীৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ আগবাঢ়িছে পিংকী। তীর্থ বসুমতাৰী আৰু মাকণী বসুমতাৰীৰ সুযোগ্য কন্যা পিংকী বসুমতা
'মিছ ইউনিভাৰ্ছ আছাম ২০২৬’ৰ খিতাপ অর্জন কৰা পিংকী বসুমতাৰী


চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত হৈ যোৱা 'মিছ ইউনিভাৰ্ছ আছাম ২০২৬’ৰ খিতাপ অর্জন কৰি এতিয়া সৰ্বভাৰতীয় পৰ্যায়লৈ নির্বাচিত হৈছে পিংকী বসুমতাৰী। কলবাৰীৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ আগবাঢ়িছে পিংকী। তীর্থ বসুমতাৰী আৰু মাকণী বসুমতাৰীৰ সুযোগ্য কন্যা পিংকী বসুমতাৰী।

ইফালে খিতাপ জয় কৰি নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় এক অভূতপূর্ব পৰিৱেশ। কলবাৰী চ'কৰ পৰা খাম, চেৰজা আৰু চিফুঙৰ সুৰৰ মাজত এক বিশাল সমদলেৰে গাঁৱৰ ৰাইজে আদৰণি জনায় পিংকীক।

তামুলপুৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা এতিয়া ৰাষ্ট্ৰীয় মঞ্চত জিলিকিবলৈ সাজু হৈছে এগৰাকী অসাধাৰণ প্রতিভাশালী জীয়ৰী। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ ষষ্ঠ ষান্মাসিকৰ শিক্ষার্থী পিংকীয়ে পঢ়া শুনাৰ সমান্তৰালকৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ চলাই গৈছিল নেৰানেপেৰা সাধনা। আৰনাই এণ্টাৰটেইনমেন্ট আৰু আর্ট এগু মচন ডান্স স্টুডিঅ'ৰ উদ্যোগত আয়োজিত এই প্রতিযোগিতাই পিংকীৰ বাবে এক নতুন দিগন্ত মুকলি কৰিলে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande