
তিনিচুকীয়া, ২৬ এপ্ৰিল (হি.স.)। সুদুৰ গুজৰাট পৰা এখন চলাৰ চাইকেল চলাই এজন যুৱক আহি পালেহি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্ত জাগুনত। মাৰ্চ মাহৰ ২৭ তাৰিখে গুজৰাটৰ পৰা ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবঙ্গ, অসমৰ মাজেৰে আহি ২৯ দিনৰ অন্তত উপস্থিত হয়হি তিনিচুকীয়া জিলাৰ অসম-অৰুনাচল সীমান্ত জাগুনত।
প্ৰৱল মনৰ হেপাহ আৰু পাৰিপাৰ্শ্বিকতা তথা প্ৰদূষণ নিয়ন্ত্ৰণৰ এক সজাগতাৰ বাৰ্তা লৈ যুৱকজনে আৰম্ভ কৰা এই দীঘলীয়া যাত্ৰা সামৰণি মাৰিব অৰুণাচল প্ৰদেশৰ নামপঙত। চলাৰ চাইকেল চলাই চলাই জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এক ব্যতিক্ৰমি যাত্ৰা দেখি যুৱক জনৰ ওচৰ চাপে বহু পথচাৰী তথা লোক।আৰু বহু লোকে যুৱক জনৰ সৈতে ললে চেলফি। গুজৰাটৰ পৰা ৩৫৭০ কিলোমিটাৰ চলাৰ চাইকেলেৰে অসম হৈ অৰুণাচলৰ নামপঙত উপস্থিত হবলৈ যোৱা বাংগালোৰৰ যুৱকজনৰ নাম কট্ৰেছ তাম্ব্ৰলিমাথ (Kotresh Tambrallimath)।
যাত্ৰাৰ পথত যুৱক জনে কলে যে, মোৰ এই যাত্ৰাৰ যোগেদি শক্তি সঞ্চয় কৰাৰ লগতে বহু মূল্যবান পেট্ৰ’ল-ডিজেলৰো সঞ্চয় কৰিব পৰা যাব।আনহাতে পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰে যানবাহনৰ পৰা উদ্ভাৱন হোৱা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰো এক বাৰ্তালৈ যুৱক জনে হাতত ললে এই দীঘলীয়া যাত্ৰৰ। জাগুনৰ পৰা আৰু ৩০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অৰুনাচলৰ নামপুংত যাএা সামৰণি মাৰি ঘৰলৈ উভতিব কট্ৰেছ তাম্ব্ৰলিমাথে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু