
চণ্ডীগড়, ২৬ এপ্ৰিল (হি.স.)। আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদসকলৰ ওপৰত পঞ্জাৱ চৰকাৰে হাতোৰা টান কৰিবলৈ আৰম্ভ কৰিছে। দেওবাৰে পঞ্জাৱ চৰকাৰে ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিং ভজ্জীক প্ৰদান কৰা পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে। এতিয়া তেওঁক কেন্দ্ৰীয় চৰকাৰে চি আৰ পি এফ নিৰাপত্তা প্ৰদান কৰে।
ভাজ্জীৰ পূৰ্বে পঞ্জাৱ চৰকাৰেও ৰাঘৱ চাদ্ধাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল। হৰভজন সিঙক ৰাজ্যসভাৰ সাংসদ হিচাপে পঞ্জাৱ চৰকাৰে ৱাই কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছিল। তেওঁৰ জলন্ধৰ ঘৰত নিয়োজিত পঞ্জাৱ আৰক্ষীৰ জোৱানক ততাতৈয়াকৈ প্ৰত্যাহাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কিছু সময়ৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ঘৰৰ বাহিৰত মোতায়েন কৰা ভাজ্জীক চি আৰ পি এফৰ নিৰাপত্তা প্ৰদান কৰে। আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাধাই আগদিনা দাবী কৰিছিল যে হৰভজন সিঙেও আম আদমি পাৰ্টি (আআপা) ত্যাগ কৰিছে। ভাজ্জীয়ে এই সন্দৰ্ভত এতিয়াও মুকলিকৈ কথা কোৱা নাই।
ইফালে, দেওবাৰে এটা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ বিক্ৰমজীত সাহনীয়ে দাবী কৰে যে তেওঁ কেতিয়াও আপত যোগদান কৰা নাছিল। তেওঁ কয় যে আপৰ উৰ্ধতন বিষয়া অৰবিন্দ কেজৰিৱালে পদত্যাগ বিচাৰিছিল যদিও উপদেষ্টাৰ সৈতে আলোচনা কৰি পদত্যাগ নকৰিলে। বৰ্তমান পঞ্জাব আই চি ইউত আছে আৰু ইয়াক বচাবলৈ কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন।
ইফালে চণ্ডীগড়ত উপস্থিত হোৱা আপ ৰাজ্যসভাৰ সাংসদ সন্ত বলবীৰ সিং ছিচেৱালে সাংবাদিকৰ আগত কয় যে ৰাঘৱ চাদ্ধাই তেওঁক ১৬, ১৭, ১৮ এপ্ৰিলত চাহ খাবলৈ নিমন্ত্ৰণ জনাইছিল, আজাদ গোট গঠনৰ কথা কৈছিল, কিন্তু মই নগলো। মই কোনো আজাদ গোট গঠন বা যোগদান কৰিবলৈ অস্বীকাৰ কৰিলোঁ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া