
কামৰূপ, ২৬ এপ্ৰিল (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত নিশা নদীত জাঁপ দিয়া মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰলীয়া নৈত শুক্রবাৰে নিশা জাঁপ দিছিল ৰেখা শইকীয়া নামৰ মহিলা গৰাকীয়ে ।
ইফালে নিশাৰ পৰা আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে নদীত ৰেখাক বিচাৰি অভিযান চলাইছিল । অৱশেষত বালাগাঁৱৰ চথ পূজাৰ ঘাটৰ সমীপৰ বৰলীয়া নৈত উদ্ধাৰ মৃতদেহ কৰা হয় । নিশা দ্বিতীয় স্বামীৰ সৈতে হোৱা কাজিয়াৰ ফলত নদীত জাঁপ দিছিল ৰেখাই । যোৱা কালি শনিবাৰে সন্ধিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ