পশ্চিমবংগৰ হাওৰাত সাংসদ ৰবি কিষানৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষ
হাওৰা, ২৬ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ মাজতে দেওবাৰে বিয়লি উত্তৰ হাওৰাৰ পৰা বিজেপি প্ৰাৰ্থী উমেশ ৰায়ৰ সমৰ্থনত অভিনেতা তথা সাংসদ ৰবি কিষাণৰ প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে জয় বাংলা শ্লোগান দিয়াক লৈ বিজেপি আৰু তৃণমূল কৰ
रविवार को हावड़ा के बामनगाछी  में भाजपा उम्मीदवार उमेश राय के समर्थन में सांसद रवि किशन चुनाव प्रचार करते हुए।


হাওৰা, ২৬ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ মাজতে দেওবাৰে বিয়লি উত্তৰ হাওৰাৰ পৰা বিজেপি প্ৰাৰ্থী উমেশ ৰায়ৰ সমৰ্থনত অভিনেতা তথা সাংসদ ৰবি কিষাণৰ প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে জয় বাংলা শ্লোগান দিয়াক লৈ বিজেপি আৰু তৃণমূল কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

সূত্ৰ অনুসৰি উত্তৰ হাওৰাৰ প্ৰাৰ্থী উমেশ ৰায়ৰ সমৰ্থনত বামংগাছি অঞ্চলত বিজেপি সাংসদ ৰবি কিষানে ৰোডশ্ব’ অনুষ্ঠিত কৰিছিল । সেই মুহূৰ্ততে অৰবিন্দ স্কুলৰ সমীপত তৃণমূল কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ সন্মুখত থিয় হৈ তৃণমূল সমৰ্থকে বিজেপিৰ শোভাযাত্ৰাৰ বিৰুদ্ধে জয় বাংলা ধ্বনি দিবলৈ আৰম্ভ কৰে। আনহাতে বিজেপি কৰ্মীসকলে জয় শ্ৰী ৰাম আৰু চোৰ-চোৰ (চোৰ) ধ্বনি দিয়াৰ ফলত দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হয়, যিটো ক্ষন্তেকতে হতাহতিলৈ পৰিণত হয়।

তৃণমূল সমৰ্থকে তেওঁলোকক লাঠি আৰু বাঁহৰ লাঠিৰে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। কিন্তু তৃণমূল কংগ্ৰেছে দাবী কৰে যে বিজেপি কৰ্মীয়ে কোনো কাৰণ নোহোৱাকৈ তৃণমূল কংগ্ৰেছ কৰ্মীক লাঠি আৰু ৰডেৰে আক্ৰমণ কৰিছিল। এই সংঘৰ্ষৰ ফলত অঞ্চলটোৰ পৰিস্থিতি তীব্ৰতৰ হৈ পৰে। তথ্য লাভ কৰি কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ সময়ত আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় লোৱা বুলি অভিযোগ উঠিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande