
নগাঁও, ২৬ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ শিৱ স্থানত যোৱা কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অসমীয়া লোকক দলবদ্ধ আক্ৰমণ কৰে মুছলিম লোকৰ । আৰক্ষী পহৰা চকীৰ ভিতৰত দলবদ্ধ আক্ৰমণৰ বলি হয় অসমীয়া তিনিজন লোক । দিপজ্যোতি শইকীয়া, দীপাংকৰ শইকীয়া আৰু পৱিত্ৰ শইকীয়া নামৰ লোক কেইজনক লোৰ পাইপেৰে আক্ৰমণ কৰে এটা দলে ।
শিৱ স্থান আৰক্ষী পহৰা চকীৰ চৰকাৰী সম্পত্তিত আক্ৰমণ কৰে প্ৰায় দহ জনীয়া দলটোৱে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰিছে তিনিজন কৈ লোকক । আটক হোৱা লোক কেইজন ক্ৰমে আবুবাক্কাৰ হুছেইন, ইক্ৰামুল হুছেইন, মুক্সিদুল হক বুলি পৰিচয় পোৱা গৈছে । আটক হোৱা তিনিও একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে অন্য কেইজন লোকক বিচাৰি অভিযান আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ