
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। যোৱা ব্যৱসায়িক সপ্তাহত ঘৰুৱা শ্বেয়াৰ বজাৰত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত সাতটা কোম্পানীৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে তিনিটাৰ বজাৰ মূল্য বৃদ্ধি পাইছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত এই শীৰ্ষ দহটা কোম্পানীসমূহৰ ভিতৰত সাতটা কোম্পানীৰ বজাৰ মূল্য ২.০৫ লাখ কোটি টকাতকৈ অধিক হ্ৰাস পাইছে। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ (টিচিএছ) সৰ্বাধিক লোকচান হোৱাৰ বিপৰীতে দ্বিতীয় সৰ্বাধিক লোকচান হৈছে দেশৰ সৰ্ববৃহৎ মাৰ্কেট কেপ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ।
আনহাতে, যোৱা সপ্তাহৰ ব্যৱসায়ৰ পিছত শীৰ্ষ ১০টা মূল্যৱান কোম্পানীত থকা বাকী তিনিটা কোম্পানীৰ মাৰ্কেট কেপ ৪৮,০০০ কোটি ₹তকৈ অধিক বৃদ্ধি পাইছে। মাৰ্কেট কেপ বৃদ্ধি হোৱা তিনিটা কোম্পানীৰ ভিতৰত হিন্দুস্তান ইউনিলিভাৰে আগবাঢ়ি আছে।
চলিত সপ্তাহৰ ব্যৱসায়ৰ পিছত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচডিএফচি বেংক, লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এলআইচি), ভাৰতী এয়াৰটেল, আইচিআইচিআই বেংক আৰু লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মাৰ্কেট কেপ ২,০৫,৩৪৩.০৬ কোটি টকা হ্ৰাস পাইছে। আনহাতে, হিন্দুস্তান ইউনিলিভাৰ, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই) আৰু বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৪৮,৪২৯.৩১ কোটি টকা বৃদ্ধি পাইছে।
সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত ব্যৱসায়ৰ পিছত টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ৬৬,৬৯৯.৪৪ কোটি টকা হ্ৰাস পাই ৮,৬৭,৩৬৪.১২ কোটি টকা হয়। একেদৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৫০,৬৭০.৩৪ কোটি টকা হ্ৰাস পাই ১৭,৯৬,৬৪৭.৫০ কোটি টকা হৈছে। এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ২৩,০৯০.০৫ কোটি টকা হ্ৰাস পাই ১২,০৮,২২৫.৪৮ কোটি টকা হয়।
ইয়াৰ উপৰিও ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১৯,৬৭০.৭৫ কোটি টকা হ্ৰাস পাই ৫,১৩,০২০.৫৬ কোটি টকা, ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ১৯,৪০৬.৫৯ কোটি টকা হ্ৰাস পাই ১১,০৫,৭১৮.৬২ কোটি টকা, আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ১৪,৬৬৩.২৭ কোটি টকা হ্ৰাস পাই ৯,৫০,৩৪৫.৪০ কোটি টকা আৰু লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মাৰ্কেট কেপ ১১,১৪২.৬২ কোটি টকা হ্ৰাস পাই ৫,৫২,১৭১.৮৮ কোটি টকা হয়।
আনহাতে, হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ২০,৩৫২.৯১ কোটি টকা বৃদ্ধি পাই ৫,৪৭,২১৯.৮০ কোটি টকা হয়। একেদৰে ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ১৯,৫২২.৭৬ কোটি টকা বৃদ্ধি পাই ১০,১৬,৭৫২.৫৩ কোটি টকা হয়। ইয়াৰ উপৰিও বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৮,২৫৩.৬৪ কোটি টকা বৃদ্ধি পাই ৫,৭৩,৬৯০.৮১ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৭,৯৬,৬৪৭.৫০ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচনেৰে দেশৰ সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী হৈয়েই আছে।
ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১২,০৮,২২৫.৪৮ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,০৫,৭১৮.৬২ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ১০,১৬,৭৫২.৫৩ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৯,৫০,৩৪৫.৪০ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ৮,৬৭,৩৬৪.১২ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ মাৰ্কেট কেপ ৫,৭৩,৬৯০.৮১ কোটি টকা), লাৰ্চেন এণ্ড টৌব্ৰো (মুঠ মাৰ্কেট কেপ ৫,৫২,১৭১.৮৮ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ মাৰ্কেট কেপ ৫,৪৭,২১৯.৮০ কোটি টকা) আৰু লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এল আই চি) (মুঠ মাৰ্কেট কেপ ৫,১৩,০২০.৫৬ কোটি টকা) শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া