
কাছাৰ, ২৬ এপ্ৰিল (হি.স.)। কাছাৰ জিলাৰ সোণাইত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত ফাট মেলিছে এক আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ জাল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে হাছান আহমেদ মজুমদাৰ আৰু মিনাল আহমেদ বৰভূঞা।
আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, এই চক্ৰটো বহুদিন ধৰি সক্ৰিয় আছিল আৰু চুৰি কৰা বাহনসমূহ বিভিন্ন স্থানত ক্ৰয়-বিক্ৰয় কৰা হৈছিল। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে উল্লেখযোগ্য সফলতা লাভ কৰে।
অভিযানৰ সময়ত আৰক্ষীয়ে জব্দ কৰে তিনিখন অট’ (অট’ ৰিক্সা), দুখন মোটৰচাইকেল, এখন বাইকৰ টেংকীৰ লগতে বহু গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ। জব্দ কৰা সামগ্ৰীসমূহৰ পৰা এইটো স্পষ্ট হৈছে যে চক্ৰটোৱে সুসংগঠিতভাৱে চুৰি আৰু বাণিজ্য চলাই আহিছিল।আৰক্ষীয়ে জনাইছে যে, এই ঘটনাৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰ কৰা হৈছে। শীঘ্ৰেই আৰু অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনা নস্যাৎ কৰা হোৱা নাই।
এই অভিযানৰ পিছত অঞ্চলটোৰ লোকসকলৰ মাজত কিছু স্বস্তি ঘূৰি আহিছে, যদিও সম্পূৰ্ণ চক্ৰটো উৎখাত নোহোৱালৈকে সতৰ্কতা অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ