গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ মৃত্যু
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ চান্দমাৰী অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱা ৩:৩০ বজাত মঠঘৰিয়াৰ গেট হাস্পতালৰ সমীপত ৰখাই থোৱা এখন ট্ৰাকত এএছ ০১জিপি-০৫৬২ নম্বৰৰ দ্ৰুতবেগী চুইফট গা
सड़क हादसे में तीन युवती की मौत


सड़क हादसे में तीन युवती की मौत


सड़क हादसे में तीन युवती की मौत


গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ চান্দমাৰী অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱা ৩:৩০ বজাত মঠঘৰিয়াৰ গেট হাস্পতালৰ সমীপত ৰখাই থোৱা এখন ট্ৰাকত এএছ ০১জিপি-০৫৬২ নম্বৰৰ দ্ৰুতবেগী চুইফট গাড়ী এখনে খুন্দা মাৰি দুগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় এগৰাকী মহিলা।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত দুজন গোৱালপাৰাৰ পূজা শ্বাহ আৰু চৰাইদেউ জিলাৰ আকাংক্ষা শইকীয়া বুলি জানিব পৰা গৈছে। অৱশ্যে শেষৰটো খবৰ পোৱালৈকে আনগৰাকী মহিলাৰ পৰিচয় জানিব পৰা হোৱা নাই।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত জানিব পৰা মতে গাড়ীখন চলাই আছিল এজন যুৱকে। দুৰ্ঘটনাটোৰ পিছত গাড়ী চালক যুৱক গৰাকী পলায়ন কৰে। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande