বিশ্বনাথত গৰু চোৰৰ উপদ্ৰৱ
বিশ্বনাথত গৰু চোৰৰ উপদ্ৰৱ।
বিশ্বনাথত গৰু চোৰৰ উপদ্ৰৱ


বিশ্বনাথ, ২৬ এপ্ৰিল (হি.স.)। বিশ্বনাথত গৰু চোৰৰ উপদ্ৰৱ।ৰাজ্যত সম্প্ৰতি গৰু চোৰৰ উপদ্ৰৱ তীব্ৰ ভাৱে বৃদ্ধি পাইছে।সমান্তৰালভাবে বিশ্বনাথৰ গড়েহাগি গাঁৱতো কিছুদিনৰ পৰা বৃদ্ধি হৈছে গৰু চোৰৰ উপদ্ৰৱ।গৰু চোৰে নিদ্ৰা হৰণ কৰিছে গৃহস্থৰ।

অভিযোগ অনুসৰি বিশ্বনাথৰ গড়েহাগি গাঁৱত পুৱতি নিশা দিপাঙ্কৰ বৰা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা চুৰি হয় চাৰিজনীকৈ গোধন।আজি পুৱা গৃহস্থই গোহালিত গৰু নেদেখি হতাশ হৈ স্থানীয় লোকক অৱগত কৰে।দিপাঙ্কৰ বৰাই গাখীৰ বেছি পৰিয়ালটো পোহপাল দি জীৱন নিৰ্বাহ কৰি আহিছিল। ইতিমধ্যে ঘটনা সম্পৰ্কে বিশ্বনাথ চাৰিআলি আৰক্ষীক খবৰ দিয়া হৈছে বুলি গৃহস্থই জানিবলৈ দিছে। ইফালে কিছুদিন পূৰ্বে গাঁওখনৰে মহত বৰাৰ লগতে নাৰায়ণ শইকীয়া আৰু কেইবাগৰাকী গো পালকৰ বাসগৃহৰ গোহালিৰ পৰা নিশা চোৰে গোহালি উদং কৰি গৰু লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বিশ্বনাথ আৰক্ষীয়ে কি ভূমিকা পালন কৰে লক্ষণীয় হব।ইফালে,কেইদিনমান পূৰ্বে লেহুগাঁৱতো গোহালিৰ পৰাই খীৰতী গাই চুৰি হৈছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande