মহাৰাষ্ট্ৰ দিৱসৰ বাবে ১ মে’ত ষ্টক মাৰ্কেট বন্ধ, সন্ধিয়াৰ অধিবেশনত এমচিএক্স ট্ৰেডিং
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰ দিৱসৰ বাবে এই সপ্তাহৰ শেষ ব্যৱসায়িক দিন ১ মে’ শুকুৰবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰ বন্ধ থাকিব। ফলস্বৰূপে শুকুৰবাৰে বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ ব্যৱসায় নহ’ব। মহাৰাষ্ট্ৰ দিৱ
শ্বেয়াৰ বজাৰ


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰ দিৱসৰ বাবে এই সপ্তাহৰ শেষ ব্যৱসায়িক দিন ১ মে’ শুকুৰবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰ বন্ধ থাকিব। ফলস্বৰূপে শুকুৰবাৰে বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ ব্যৱসায় নহ’ব।

মহাৰাষ্ট্ৰ দিৱসৰ বন্ধৰ বাবে বম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জৰ দৰে মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ও প্ৰথম অধিবেশনত পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ বন্ধ থাকিব। অৱশ্যে দ্বিতীয় অধিবেশনত সন্ধিয়া ৫:০০ বজাৰ পৰা ১১:৩০ বজালৈ আৰু ১১:৫৫ বজালৈ এমচিএক্সত সাধাৰণ ট্ৰেডিং উপলব্ধ হ’ব।

ষ্টক এক্সচেঞ্জৰ মতে, মহাৰাষ্ট্ৰ দিৱসৰ ছুটীৰ বাবে বিএছইৰ ইকুইটি ছেগমেণ্ট, ইকুইটি ডেৰাইভেটিভ ছেগমেণ্ট, মুদ্ৰা ডেৰাইভেটিভ ছেগমেণ্ট, নিউ ডেট ছেগমেণ্ট - ৰিপ’ৰ্টিং, ছেটেলমেণ্ট এণ্ড ট্ৰেডিং প্লেটফৰ্ম (এনডিএছ-আৰএছটি), ট্ৰাই পাৰ্টি ৰেপ’, ইলেক্ট্ৰনিক গোল্ড ৰচিদ (ইজিআৰ), আৰু ক’ম’ডিটি ডেৰাইভেটিভ ছেগমেণ্টৰ বাবে ১ মে’ত ট্ৰেডিং ছুটী থাকিব।

একেদৰে মহাৰাষ্ট্ৰ দিৱসৰ বাবে এন এছ ইৰ ইকুইটি, ইকুইটি ডেৰাইভেটিভ, কৰ্পৰেট বণ্ড, নতুন ঋণ ছেগমেণ্ট, নেগোচিয়েটেড ট্ৰেড ৰিপ’ৰ্টিং প্লেটফৰ্ম, মিউচুৱেল ফাণ্ড, ছিকিউৰিটি লেণ্ডিং আৰু ঋণ আঁচনি, মুদ্ৰা ডেৰাইভেটিভ, ক’ম’ডিটি ডেৰাইভেটিভ, আৰু সুতৰ হাৰৰ ডেৰাইভেটিভকে ধৰি সকলো ছেগমেণ্ট ১ মে’ত বন্ধ থাকিব। এই দিনটোত কোনো ধৰণৰ ব্যৱসায় নহ’ব।

শ্বেয়াৰ মাৰ্কেটৰ ছুটীৰ কেলেণ্ডাৰ অনুসৰি বকৰিদৰ কাৰণে ২৮ মে’ত শ্বেয়াৰ বজাৰতো বন্ধ থাকিব। এই ছুটীৰ কেলেণ্ডাৰ অনুসৰি মহৰমৰ বাবে জুন মাহত মাত্ৰ এদিনৰ বাবে অৰ্থাৎ ২৬ জুনত শ্বেয়াৰ বজাৰ বন্ধ থাকিব। ইয়াৰ পিছত সাপ্তাহিক বন্ধৰ বাহিৰে জুলাই আৰু আগষ্ট মাহত কোনো বন্ধৰ দিন নাথাকিব। অহা ১৪ ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ দিনা বন্ধৰ দিন।

তদুপৰি মহাত্মা গান্ধী জয়ন্তীৰ বাবে ২ অক্টোবৰত শ্বেয়াৰ বজাৰত কোনো ধৰণৰ ব্যৱসায় নহ’ব। দশহৰাৰ বাবে চলিত মাহৰ ২০ তাৰিখে শ্বেয়াৰ বজাৰ বন্ধ হ’ব, আনহাতে বালি প্ৰতিপদৰ বাবে ১০ নৱেম্বৰত বন্ধ হ’ব শ্বেয়াৰ বজাৰ। ২৪ নৱেম্বৰত গুৰু নানক দেৱৰ গুৰু পৰ্বৰ বাবে বন্ধ থাকিব। একেদৰে বছৰৰ শেষ মাহ ২৫ ডিচেম্বৰত বৰদিনৰ বাবে বন্ধ থাকিব।

এইবাৰ স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্ট শনিবাৰে পৰিব। একেদৰে ৮ নৱেম্বৰ দেওবাৰে পৰিব দীপাৱলী। যিহেতু দুয়োটা শনিবাৰ আৰু দেওবাৰ, এই দিনবোৰ শ্বেয়াৰ মাৰ্কেটৰ ছুটীৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত নহয়। দেওবাৰে দীপাৱলী হলেও শ্বেয়াৰ বজাৰত হ’ব শুভ মুহুৰ্ত ব্যৱসায় হ’ব। অৱশ্যে মুহুৰ্ত ব্যৱসায়ৰ সময় পিছত ঘোষণা কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande