জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া ছিৰিজৰ বাবে ঘোষণা পাকিস্তান মহিলা দল
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। জিম্বাবুৱেৰ বিৰুদ্ধে আগন্তুক তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া মহিলা দলৰ কথা ঘোষণা কৰিছে পাকিস্তানে। ৪ মে’ৰ পৰা পাকিস্তানৰ কৰাচীত আৰম্ভ হ’ব এই শৃংখলা । এদিনীয়াৰ পিছত তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখল
hklmv


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। জিম্বাবুৱেৰ বিৰুদ্ধে আগন্তুক তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া মহিলা দলৰ কথা ঘোষণা কৰিছে পাকিস্তানে। ৪ মে’ৰ পৰা পাকিস্তানৰ কৰাচীত আৰম্ভ হ’ব এই শৃংখলা । এদিনীয়াৰ পিছত তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাও অনুষ্ঠিত হ’ব, আৰু ইয়াৰ বাবে দল পিছত ঘোষণা কৰা হ’ব।

আইচিচিৰ তথ্য অনুসৰি ফাতিমা ছানাই আয়োজক দলৰ অধিনায়কত্ব কৰিব। তেওঁৰ অধিনায়কত্বৰ অধীনত শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ দুয়োটা শৃংখলাত দলটোৱে ২-১ গ’লত পৰাস্ত হৈছিল। প্ৰথমবাৰৰ বাবে ১৫ জনীয়া দলটোত অন্তৰ্ভুক্ত হৈছে মমিনা ৰিয়াছাত।

জিম্বাবুৱেৰ দলটোৱে ২৯ এপ্ৰিলত কৰাচীত উপস্থিত হ’বলগীয়া হোৱাইট বল শৃংখলাৰ বাবে প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব। ইয়াৰ পিছতে ৩০ এপ্ৰিলৰ পৰা ৩ মে’লৈ কৰাচীৰ নেশ্যনেল বেংক ষ্টেডিয়ামত অনুশীলন কৰিব।

ক্ৰমে ৬ আৰু ৯ মে’ত দুয়োটা দলৰ মাজত দ্বিতীয় আৰু তৃতীয় এদিনীয়া মেচ অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ১২ মে’ৰ পৰা তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা অনুষ্ঠিত হ’ব।সকলো মেচ কৰাচীৰ নেশ্যনেল বেংক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

পাকিস্তান মহিলা দল:

ফাতিমা চানা (অধিনায়ক), আলিয়া ৰিয়াজ, আয়েছা জাফৰ, ডায়েনা বেইগ, গুল ফিৰোজা, মমিনা ৰিয়াছাত, মুনিবা আলী (উইকেটকীপাৰ), নাজিহা আলভি (উইকেটকীপাৰ), নাশ্ৰা সন্ধু, নাটালিয়া পাৰভেজ, ৰমীন ছামিম, ছাদাফ ছামাছ, ছিদ্ৰা আমিন, চ্যেদা আৰুব শ্বাহ, আৰু তাছমিয়া ৰুবাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande