

গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। সোণাপুৰ আৰক্ষীৰ জালত ভুৱা মণ্ডলৰ দল। নিশা তেজপুৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে এনে চাৰি প্ৰৱঞ্চকক।
ধৃত লোককেইজন তেজপুৰৰ ৰিয়াজুল ইছলাম (২২) চাইফুল ইছলাম (২৬) মুজাম্মিল হক(৪০) আৰু ইস্তাকুল হুছেইন (২১)।
আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি দীৰ্ঘদিনৰে পৰা এই দলটোৱে ভূমি পঞ্জীয়নৰ দোহাই দি সংগ্ৰহ কৰিছিল ধন।
নিজকে ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত বুলি চিনাকিৰে ভূমি পঞ্জীয়নৰ দোহাই দি ফোন পে'ইৰ জৰিয়তে সংগ্ৰহ কৰি আহিছিল ধন।
ধনৰ লেনদেন কৰা ব্যক্তিয়ে কাৰ্যালয়ত তেওঁলোকক বিচাৰি যোৱাতহে ওলাই ওৰহি গছৰ ওৰ। ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে তেনে কোনো ব্যক্তি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত নহয় বুলি স্পষ্ট কৰাত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
এক নং কচুতলী গাঁৱৰ বাসিন্দা সত্তৰ বৰ্ষীয় মতলেব আলি নামৰ লোকজনৰ পৰা ফোন পে'ৰ জড়িয়তে ১৭,০০০ টকা সংগ্ৰহ ভূমি পঞ্জীয়নৰ নামত সংগ্ৰহ কৰি ফোন চুইটছ অফ কৰে। ইয়াৰ পাছতেই ভুক্তভোগীয়ে আৰক্ষীক ২১ এপ্ৰিলত অভিযোগ দাখিল কৰাৰ অন্তত আৰম্ভ হয় তদন্ত। লগতে আন কেইবাগৰাকীও ব্যক্তিৰ সৈতেও এনে দুষ্কাৰ্য সংঘটিত কৰা বুলি জানিবলৈ দিয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে।
অৱশেষত বিগত নিশা তেজপুৰৰ পৰা প্ৰৱঞ্চকৰ এই গ্যোংটোক আটক কৰিবলৈ সক্ষম হয়।
ধৃত দলটোৰ পৰা আঠটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar