শিৱসাগৰত অনুষ্ঠিত হব তিনিদিনিয়া ২৯ সংখ্য়ক বিহু সন্মিলন
শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ নগৰৰ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে এইবাৰ ২৯ বৰ্ষত ভৰি থব। আগন্তুক ৯,১০ আৰু ১১ মে তাৰিখে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ''বলগীয়া সন্মানীয় বিহু খনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। পুৰোহিতৰ আশীৰ্বাদ-মন্
শিৱসাগৰত অনুষ্ঠিত হব তিনিদিনিয়া ২৯ সংখ্য়ক বিহু সন্মিলন


শিৱসাগৰ, ২৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ নগৰৰ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে এইবাৰ ২৯ বৰ্ষত ভৰি থব। আগন্তুক ৯,১০ আৰু ১১ মে তাৰিখে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া সন্মানীয় বিহু খনৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

পুৰোহিতৰ আশীৰ্বাদ-মন্ত্ৰেৰে লাইখুঁটা স্থাপন কৰি বিহু খনৰ কুশল কামনা কৰা হয়।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ম্লান পৰা বিহুখনে বিগত বছৰবোৰৰ দৰে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী হাতত ৰখা হৈছে যদিও শিৱসাগৰ সমাজ জীৱনৰ ২৯ গৰাকী বিশিষ্ট ব্যক্তিক এইবাৰৰ বিহু মঞ্চত সম্বৰ্ধনা জনোৱা হ'ব।লগতে বিগত চাৰি বছৰৰ পৰা প্ৰৱৰ্তন কৰা আন্তঃ বিদ্যালয় হুঁচৰি প্ৰতিযোগিতা খনো এইবাৰো আটকধুনীয়াকৈ আয়োজন কৰা হৈছে বুলি বিহু আয়োজন সমিতিৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande