
দৰং, ২৬ এপ্ৰিল (হি.স.)। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰাবান্ধা দেউল উৎসৱৰ শুভৰাম্ভণি ঘটিছে।
এই দেউল উৎসৱ উপলক্ষে পুৱাতে দেউলৰ ভেটিত বিগ্ৰহ স্থাপনৰে শুভাৰাম্ভনি কৰা হৈছে এই ঐতিহাসিক দেউল উৎসৱৰ। অসমৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বহু ব্যৱসায়ীক গোষ্ঠীয়ে এই দেউল উৎসৱত কাহ পিতল চিলভাৰ আদিৰ বা বাচন সামগ্ৰীৰ লগতে বহু থলুৱা সামগ্ৰী উপলব্ধ হৈ পৰে।আনহাতে জিলাখনৰ অন্যতম এই দেউল উৎসৱত ভিন্ন প্ৰকাৰৰ থলুৱা সামগ্ৰীও ক্ৰয় বিক্ৰয় কৰা পৰিলক্ষিত হয়। ইফালে এই দেউল উৎসৱক লৈ স্থানীয় লোকসকলৰ মাজত এক পাৰ ভঙা আনন্দ দেখা গৈছে।
তিনিদিনীয়াকৈ অনুষ্ঠিত এই দেউল উৎসৱত প্ৰত্যেক দিনাই লোকে লোকৰাণ্য হৈ উঠিব।ধৰ্মীয় পাৰম্পাৰিক ৰিতী নিতীৰ সম্পাদনাৰ লগতে বাণিজ্যিক মেলাতো বহু লোকে ভিৰ কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা