সাপেখাতী ধুনীয়া পথাৰ গাওঁত আকাংক্ষা শইকীয়াৰ ঘৰত শোকাকুল পৰিৱেশ
চৰাইদেউ, ২৬ এপ্ৰিল (হি.স.)। চৰাইদেউ সাপেখাতী ধুনীয়া পথাৰ গাওঁত আকাংক্ষা শইকীয়াৰ ঘৰত শোকাকুল পৰিৱেশ।কালি নিশা মাতৃক ফোন কৰি শুভৰাত্ৰী জনাইছিল আকাংক্ষাই।তাৰ পাছৰে পৰা যোগাযোগ শূন্য। ফোনত মবাইলৰ বেটাৰী নথকাৰ কথা কৈছিল মাতৃক।কন্যাৰ মৃত্যুক মানি লব
সাপেখাতী ধুনীয়া পথাৰ গাওঁত আকাংক্ষা শইকীয়াৰ ঘৰত শোকাকুল পৰিৱেশ


চৰাইদেউ, ২৬ এপ্ৰিল (হি.স.)। চৰাইদেউ সাপেখাতী ধুনীয়া পথাৰ গাওঁত আকাংক্ষা শইকীয়াৰ ঘৰত শোকাকুল পৰিৱেশ।কালি নিশা মাতৃক ফোন কৰি শুভৰাত্ৰী জনাইছিল আকাংক্ষাই।তাৰ পাছৰে পৰা যোগাযোগ শূন্য।

ফোনত মবাইলৰ বেটাৰী নথকাৰ কথা কৈছিল মাতৃক।কন্যাৰ মৃত্যুক মানি লব পৰা নাই মাতৃয়ে।অসুস্থ হৈ পৰিছে আকাংক্ষাৰ মাতৃ।চিকিৎসালয়লৈ প্ৰেৰণ মাতৃক।মেধাৱী ছাত্ৰী গৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ জিলাত।পঢ়া শুনাত অতি মেধাৱী আছিল আকাংক্ষা,সত্ৰীয়া নৃত্যৰ বিশাৰদ আছিল আকাংক্ষা। তদন্তৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande