
গোৱালপাৰা, ২৬ এপ্ৰিল (হি.স.)। আজি পুৱতি নিশা গুৱাহাটীত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি যুৱতীৰ ভিতৰত পূজা সাহা নামৰ যুৱতী গৰাকীৰ প্ৰকৃত ঘৰ গোৱালপাৰাৰ কৃষ্ণাইৰ জ্যোতিনগৰত ৷ কিন্তু পূজাসহ পৰিয়াল ব্যৱসায় সূত্ৰে বহু বছৰৰ পৰা বসবাস কৰিছিল মেঘালয়ৰ গাৰোপাহাৰৰ উলিয়ামনগৰত।
সৰুৰে পৰা মেঘালয়তে ডাঙৰ দীঘল হোৱা পূজাই স্কুলীয়া শিক্ষাও মেঘালয়তে গ্ৰহণ কৰিছিল ৷ পূজাৰ পৰিয়াল মেঘালয়ত থাকে কিন্তু কিছু আত্মীয় গোৱালপাৰা কৃষ্ণাইত থাকে। আত্মীয়ই জনোৱা অনুসৰি গুৱাহাটীৰ কোনো বেংকত কাম কৰিছিল পূজা সাহা ৷ দুৰ্ঘটনাৰ খৱৰ লাভ কৰি মেঘালয়ৰ পৰা দেউতাক আৰু কৃষ্ণাইৰ পৰা কিছু আত্মীয় ইতিমধ্যে গুৱাহাটীলৈ ৰাওঁনা হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ