চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসাধীন বিহুৱা দলৰ শিল্পী সকলৰ স্বাস্থ্য পৰিস্থিতিৰ বুজ বিধায়কৰ
বিধায়ক গৰাকীয়ে শিল্পী সকলৰ স্বাস্থ্য পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন।
চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসাধীন বিহুৱা দলৰ শিল্পী সকলৰ স্বাস্থ্য পৰিস্থিতিৰ বুজ বিধায়কৰ


কামৰূপ, ২৬ এপ্ৰিল (হি.স.): ৰঙালী বিহুৰ ৰঙৰ বিপৰীতে শুক্রবাৰে নিশা তামুলপুৰত বিহুৱা দল দুৰ্ঘটনাত পতিত হোৱাৰ ভয়াৱহ ঘটনাই শোকাহত কৰি তুলিছে ৰাজ্যবাসীক । ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটি শুক্রবাৰ নিশা তামুলপুৰ-নাগ্রীজুলী পথৰ নোৱাখাটত ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ দুৰ্ঘটনাস্থলীতে বিহুৱতী গায়িকা তথা জনপ্ৰিয় পাঠিকা নিশামণি হালৈয়ে মৃত্যুক সাৱটি লোৱাৰ সমান্তৰালকৈ গুৰুতৰভাৱে আহত হয় আন কেবাগৰাকীও শিল্পী ৷

ভয়ংকৰ দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত হৈ বৰ্তমানেও ৰঙিয়াৰ স্বস্তি হাস্পাতালত চিকিৎসাধীন হৈ আছে দলটোৰ অন্যান্য বিহুৱা-বিহুৱতী সকল । শিল্পী সকলৰ আশু আৰোগ্য কামনা কৰি চিকিৎসালয়খনত যোৱা কালি শনিবাৰে সন্ধিয়া উপস্থিত হয় স্থানীয় বিধায়ক ভবেশ কলিতা ৷ বিধায়ক গৰাকীয়ে শিল্পী সকলৰ স্বাস্থ্য পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande