বংগত কংগ্ৰেছ কৰ্মী হত্যা, ৰাহুল গান্ধীৰ তৃণমূল কংগ্ৰেছক আক্ৰমণ, দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ পূৰ্বৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছক লক্ষ্য কৰি পশ্চিম বংগত কংগ্ৰেছ কৰ্মী দেৱদীপ চেটাৰ্জীৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালটোৰ প্ৰতি শোক প্ৰকাশ কৰি
लोकसभा में विपक्ष के नेता राहुल गांधी


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ পূৰ্বৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছক লক্ষ্য কৰি পশ্চিম বংগত কংগ্ৰেছ কৰ্মী দেৱদীপ চেটাৰ্জীৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালটোৰ প্ৰতি শোক প্ৰকাশ কৰি তেওঁ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে টিএমচিৰ সৈতে জড়িত গুণ্ডাসকলে নিৰ্বাচনৰ পিছৰ এই হত্যাকাণ্ড অতি নিন্দনীয়। তেওঁ অভিযোগ কৰে যে পশ্চিম বংগত গণতন্ত্ৰৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ ৰাজত্ব চলি আছে, য’ত বিৰোধী কণ্ঠক ভয় খুৱাই দমন কৰাৰ চেষ্টা কৰা হৈছে।

তেওঁ কয় যে কংগ্ৰেছৰ ৰাজনীতি কেতিয়াও হিংসাৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই আৰু দলটোৱে সদায় অহিংসা আৰু সংবিধানৰ পথ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে। কৰ্মী হেৰুৱাৰ পিছতো দলটোৱে নিজৰ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰাখিছে।

শেহতীয়া গোচৰটোত অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতকৰ পৰিয়ালক নিৰাপত্তা আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়। ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে ভাৰতৰ অহিংস পৰম্পৰাক কলংকিত কৰা এনে ৰাজনীতিৰ আগত কংগ্ৰেছে নতশিৰ নহয় আৰু ন্যায় নিশ্চিত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande