
১৩৩ সংখ্যক “মন কী বাত”ৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটী, ২৬ এপ্ৰিল (হি.স.)। উত্তৰ-পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেচাদৰৰ ৰূপত পুনৰ উজলি উঠিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ উত্তৰ-পূৰ্বাঞ্চলৰ সভ্যতা-সংস্কৃতি, আচাৰ-অনুচাৰৰ সদায় প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আগভাগ লৈ আহিছে৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩৩ সংখ্যক খণ্ডটিৰ জৰিয়তেও প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহ উদ্যোগৰ সম্ভাৱনা আৰু ব্যৱসায়ীক লাভালাভৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানটিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বাঁহ খেতিৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাৰ কথা উল্লেখ কৰে৷
ত্ৰিপুৰাৰ গোমটি জিলাৰ বিজয় সূত্ৰধাৰ আৰু দক্ষিণ ত্ৰিপুৰাৰ প্ৰদীপ চক্ৰৱৰ্তীয়ে বাঁহেৰে বিভিন্ন ধৰণৰ আঁচ-বাব তথা সাজ-সজ্জাৰ সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰাৰ কথা প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্ণনা কৰে৷ তদুপৰি নাগালেণ্ডৰ যুৱক-যুৱতী সকলে বাঁহগাজৰ জৰিয়তে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে মিজোৰামৰ কৃষক সকলে বাঁহ ব্যৱহাৰ কৰি কৃষিৰ বাবে সেউজ গৃহ নিৰ্মাণ আৰু চিকিমৰ গেংটকস্থিত ‘‘লাগাষ্ট বেম্বো এন্টাৰপ্ৰাইজ”ৰ সদস্য সকলৰ বাঁহেৰে নিৰ্মিত বিশ্বমানৰ কাৰুকাৰ্য খোদিত সামগ্ৰীৰ বিষয়েও উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লগতে বিশ্ববাসীক বাঁহেৰে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবেও অনুপ্ৰাণিত কৰাৰ লগতে আত্মীয়-স্বজনক উপহাৰ হিচাপে এই সামগ্ৰী প্ৰদান কৰিবলৈ অনু্ৰোধ জনায়৷ তদুুপৰি প্ৰধামন্ত্ৰী গৰাকীয়ে পৰিৱেশ সম্বন্ধীয় কেইবাটাও বিষয় আজি “মন কী বাত”ত বৰ্ণনা কৰে৷
গুজৰাটৰ কচ্ছ জিলালৈ পৰিভ্ৰমণৰ বাবে অহা ফ্লেমিংগো চৰাই, উত্তৰ প্ৰদেশৰ গজমিত্ৰ আঁচনিৰ সফল ৰূপায়ন, ছত্তিশগড়ৰৰ হাবিৰ কৃষ্ণ হৰিণৰ সংৰক্ষণ আৰু ভাৰতৰ মৰুভূমি অঞ্চলৰ গোৰাবন পক্ষীৰ পুনৰ উজ্জীৱনৰ বিষয়েও প্ৰধামন্ত্ৰী গৰাকীয়ে গৌৰেৱেৰে উল্লেখ কৰে৷ মহান স্বাধীনতা সংগ্ৰামী তথা জাতিৰ পিতা মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ বিষয়েও উল্লেখ কৰে৷ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে তেখেতৰ ৰচনা সমূহৰ বিশ্বব্যাপি সমাদৰৰ কথা ব্যক্ত কৰাৰ লগতে ঠাকুৰদেৱৰ স্থানীয় উদ্যোগ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি থকা অৱদান সমূহৰ কথাও উল্লেখ কৰে৷ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশত আগষ্ট মাহৰ পৰা অনুষ্ঠিত হ’ব লগীয়া লোকপিয়লৰ বিষয়েও অৱগত কৰে৷ এইবাৰৰ লোকপিয়লত দেশৰ জনসাধাৰণে নিজে ডিজিটেলি তথ্য অন্তৰ্ভূক্তি কৰিব পাৰিব৷ প্ৰথম পৰ্য্যায়ত গৃহ আৰু দ্বিতীয় পৰ্য্যায়ত জনসংখ্যাৰ লোকপিয়ল হবলগীয়া সমগ্ৰ প্ৰক্ৰিয়াত দেশৰ জনসাধাৰণক সহায় সহযোগীতা আগবঢ়াব লৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুৰোধ কৰে৷
আজি ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডলৰ ৩০ হাজাৰতকৈও অধিক বুথত দলৰ ৩০ লক্ষাধিক কাৰ্যকৰ্তাই “মন কী বাত” শ্ৰৱণ কৰে বুলি অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে দলৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগত ব্যস্ত থকা দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই পশ্চিমবংগ বিজেপিৰ মুখ্য কাৰ্যালয়ত “মন কী বাত” শ্ৰৱণ কৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ে গুৰুত্বপ্ৰদান কৰাৰ বাবে দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বাঁহেৰে নিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ উত্তৰ পূবাৰ্ঞ্চলৰ বাঁহ উদ্যোগৰ সাক্ষী বুলিও উল্লেখ কৰে৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী