জাগীৰোড মহাবিদ্যালয় সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মালৈ পদার্থ বিজ্ঞানৰ সম্মানীয় 'ব্ৰেকথ্ৰু' প্ৰাইজ'
মৰিগাঁও, ২৬ এপ্ৰিল (হি.স.)। জাগীৰোড মহাবিদ্যালয় সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মালৈ পদার্থ বিজ্ঞানৰ সম্মানীয় ''ব্ৰেকথ্ৰু'' প্ৰাইজ'' l পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° শৰ্মাই মৌলিক পদার্থ বিজ্ঞানৰ সম্মানীয় ''ব্ৰেকথ্ৰু'' প্ৰাইজ''-
জাগীৰোড মহাবিদ্যালয় সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মালৈ পদার্থ বিজ্ঞানৰ সম্মানীয় 'ব্ৰেকথ্ৰু' প্ৰাইজ'


মৰিগাঁও, ২৬ এপ্ৰিল (হি.স.)। জাগীৰোড মহাবিদ্যালয় সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মালৈ পদার্থ বিজ্ঞানৰ সম্মানীয় 'ব্ৰেকথ্ৰু' প্ৰাইজ' l

পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° শৰ্মাই মৌলিক পদার্থ বিজ্ঞানৰ সম্মানীয় 'ব্ৰেকথ্ৰু' প্ৰাইজ'-২০২৫ লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

বিজ্ঞান জগতৰ 'অস্কাৰ সন্মান' হিচাপে প্ৰসিদ্ধ এই ব্ৰেকথ্ৰু' প্ৰাইজ বিশ্বৰ অন্যতম সর্বোচ্চ বৈজ্ঞানিক স্বীকৃতি । বিশ্বজুৰি মৌলিক গৱেষণাত অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক এই বঁটা প্রদান কৰা হয় । ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ববিখ্যাত 'চি ই আৰ এল' ত সম্পন্ন হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাগাৰ এলাইচ ত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড° শৰ্মাক এই বিশ্বমানৰ স্বীকৃতি প্রদান কৰা হৈছে ।

বিশ্বৰ প্রায় তেৰ হাজাৰ গৱেষক বিজ্ঞানীৰ অংশীদাৰিত্ব থকা এই পুৰস্কাৰত মাননি হিচাপে আগবঢ়োৱা হৈছে ত্ৰিশ (৩০) লাখ মার্কিন ডলাৰ ।

ড° শৰ্মা জড়িত হৈ থকা এলাইচ পৰীক্ষাগাৰে মূলত: অতি কম দূৰত্বৰ আৰু চৰম পৰিস্থিতিত থকা পদাৰ্থৰ অৱস্থাৰ ওপৰত গৱেষণা চলাইছিল।

সমগ্র দেশৰে এক গৌৰৱ ড০ শৰ্মাৰ এই সফলতাই আগন্তুক প্রজন্মৰ শিক্ষার্থীক বিজ্ঞান গৱেষণাৰ দিশে আগবাঢ়িবলৈ অনুপ্রাণিত কৰিব বুলি আশা প্ৰকাশ কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ ভবেন চন্দ্ৰ নেওগে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande